নিউজ ডেস্কঃ আজি কেইবাটাও দিনজোৰা কাৰ্যসূচী লৈ গোলাঘাট জিলাত উপস্থিত হয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা । মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গোলাঘাটৰ বীৰাংগনা সাধনী কলাক্ষেত্ৰ চৌহদত ২৫ লাখ টকা ব্যয়েৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ভাস্কৰ্যবিদ ডঃ ৰঞ্জিত কুমাৰ বৰুৱাই নিৰ্মাণ কৰা সতী সাধনীৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰে ।

মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে এই কাৰ্যসূচীত অংশ লয় বিত্তমন্ত্ৰী অজন্তা নেওগ, কৃষিমন্ত্ৰী অতুল বৰা, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, খুমটাইৰ বিধায়ক মৃণাল শইকীয়া, দেৰগাঁৱৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালী আৰু সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনৰ লগতে বহুকেইগৰাকী শীৰ্ষ বিষয়া ।

মুখ্যমন্ত্ৰীগৰাকীয়ে কুশল কোঁৱৰ অসামৰিক কোভিড চিকিৎসালয়ৰ ১০ খন ICU মুকলি মুকলি কৰে।

গোলাঘাটত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ১ ছেপ্টেম্বৰৰ পৰা ৰাজ্য সম্পূৰ্ণ আনলক হোৱাৰ ইংগিত দিয়ে। ইতিমধ্যে অসমত বহুখিনি শিথিল কৰা হৈছে। ১ ছেপ্টেম্বৰৰ পৰা বাকীখিনিও শিথিল কৰা হ’ব। আন্তঃজিলা যাতায়ত খোলাৰো সম্ভাৱনা ।

১ ছেপ্তেম্বৰৰ পৰাই স্নাতক তৃতীয় ছেমিষ্টাৰ, স্নাতকোত্তৰ চূড়ান্ত বৰ্ষ, উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষ আৰু দশম শ্ৰেণীৰ পাঠ্যক্ৰম আৰম্ভ কৰাৰো চিন্তা কৰিছে ৰাজ্য চৰকাৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply