স্মৃতি প্ৰিয়া লাহন, টীয়ক: যোৰহাটৰ লাহদৈগড় মইনাপৰীস্থিত ঐতিহাসিক পটিয়ৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী জগন্নাথ দেৱগোস্বামীৰ আজি দুপৰীয়া ১২.৩০ বজাত বাৰ্ধক্যজনিত কাৰণত নিজা বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত সত্ৰাধিকাৰগৰাকীৰ বয়স হৈছিল ১০২ বছৰ।

উল্লেখযোগ্য যে অহা ৮ ডিচেম্বৰত সত্ৰাধিকাৰ গৰাকীয়ে শতবৰ্ষ অতিক্ৰম কৰাৰ উপলক্ষত প্ৰস্তুতি চলি থকা সময়তে সত্ৰাধিকাৰ গৰাকীৰ মৃত্যুৱে অঞ্চলটোৰ ৰাইজৰ মাজত শোকৰ ছাঁ পৰিছে ।

লক্ষ্যনীয় এই যে সত্ৰাধিকাৰ গৰাকীৰ শতবৰ্ষ উদযাপনৰ বাবে টীয়ক শাখা সাহিত্য সভাই স্থানীয় ৰাইজৰ সহযোগত সত্ৰৰ প্ৰাংগণত এক অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰাৰ উপৰি “শতায়ু প্ৰদীপ” শীৰ্ষক এখন অভিনন্দন গ্ৰন্থ উন্মোচন কৰাৰ প্ৰস্তুতি চলাইছিল । আজি তেওঁৰ হঠাৎ পৰলোকপ্ৰাপ্তি ঘটাত উক্ত অনুষ্ঠান বাতিল কৰিছে বুলি জানিবলৈ দিয়ে।

মেলেং উচ্চ ইংৰাজী বিদ্যালয়ত শিক্ষকতা কৰি অৱসৰ লৈ সত্ৰাধিকাৰৰ দায়িত্ব গ্ৰহণ কৰি সত্ৰীয়া সংস্কৃতি তথা গুৰু দুজনাৰ সৃষ্টিৰাজিৰ অধ্যয়ন,  সঠিক প্ৰচাৰ-প্ৰসাৰৰ ওপৰত বিশেষ সাধনা অব্যাহত ৰাখিছিল। শতবৰ্ষ উদযাপনৰ এই প্ৰস্তুতি চলি থকাৰ সময়তে সত্ৰাধিকাৰ গৰাকীৰ মৃত্যু হোৱাত অঞ্চলটোত শোকৰ ছাঁ পৰিছে ।

সত্ৰাধিকাৰ গৰাকীৰ মৃত্যুৰ খৱৰ বিয়পি পৰাৰ লগে লগে পটিয়ৰী সত্ৰত সত্ৰাধিকাৰ গৰাকীৰ গুনমুগ্ধ সকল সমবেত হৈ সত্ৰাধিকাৰ গৰাকীলৈ শেষ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ।

লগতে পঢ়ক-কন্যাক ইউনিয়নৰ সংবাদ মেলত নাগালেণ্ডৰ পৰা আফ্স্পা প্ৰত্যাহাৰৰ দাবী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply