স্মৃতি ৰেখা লাহন, টীয়ক: টীয়কৰ অন্যতম আধ্যাত্মিক শিক্ষাৰ অনুষ্ঠান মুদৈজান কমলাবাৰী সংগীত মহাবিদ্যালয়ৰ একবিংশতম প্ৰতিষ্ঠা দিৱস আজি দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়।উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি অসমৰ অন্যতম সংস্কৃত পণ্ডিত ড° অকণ চন্দ্ৰ শইকীয়ালৈ সত্ৰজ্যোতি সন্মান-২০২১ আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়।
অনুষ্ঠানত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে অসমীয়া সংস্কৃতিৰ নৃত্য গীতেৰে অধিক জীপাল কৰি তোলে।উল্লেখযোগ্য যে ২০০১ চনতে প্ৰতিষ্ঠা হোৱা এই মহাবিদ্যালয়ে সমগ্ৰ টীয়ক অঞ্চলতে বিশেষকৈ ছাত্ৰ ছাত্ৰী সকলক এক আধ্যাত্মিক তথা সত্ৰীয়া সংকৃতিৰ শিক্ষা প্ৰদানেৰে উঠি অহা প্ৰজন্মক নিজৰ চহকী সংস্কৃতিৰ সৈতে পৰিচয় কৰাই এক সুস্থ সাংস্কৃতিক পৰিবেশ গঢ়ি তুলিবলৈ সক্ষম হৈছে।