চেভ ভৰলু (ভৰলু বচাওঁ) অভিযানৰ গণসচেতনতা কাৰ্যসূচীৰ তৃতীয় পৰ্যায়ত আজি শিশু দিৱস উপলক্ষে স্কুলীয়া শিক্ষাৰ্থীৰ মাজত কুমাৰপাৰা নামঘৰত আয়োজন কৰা থলীতে চিত্ৰাংকন প্ৰতিযোগিতা । প্ৰতিযোগিতা খনি উন্মোচন কৰে গুৱাহাটী আৰ্ট কলেজৰ প্ৰাক্তন মূৰব্বী অধ্যাপক দুৰ্লভ ভট্টাচাৰ্যই ।

প্ৰথমৰ পৰা তৃতীয় শ্ৰেণীলৈ ক শাখা আৰু চতুৰ্থৰ পৰা ষষ্ঠ শ্ৰেণীলৈ খ শাখাত মুঠ ৪০ ,জন প্ৰতিযোগীয়ে যোগদান কৰে । ক শাখাত অসীমাক্ষী তালুকদাৰ, অস্মী বৰা আৰু অম্বিকা কোঁৱৰে ক্ৰমে প্ৰথম তিনিটা স্থান লাভ কৰে। আনহাতে খ শাখাত এনি কাশ্যপ, বাস্তব দাস আৰু স্বপনীল গোস্বামীয়ে ক্ৰমে লাভ কৰে প্ৰথম তিনিটা স্থান।

বিজয়ী প্ৰতিযোগীসকলক নগদ ধনৰ লগতে মান পত্ৰ আৰু শান্তনু বৰুৱা ৰচিত “বাখৰুৱা ভৰলু” কিতাপ উপহাৰ হিচাপে প্ৰদান কৰে । চেভ ভৰলু গোটৰ সভাপতি ডা:ৰবীন মজুমদাৰে আৰম্ভনিতে চেভ ভৰলু অভিযানৰ উদ্দেশ্য বাখ্যা কৰাৰ উপৰিও উপদেষ্টা প্ৰদীপ ভূঞা, সম্পাদক অমিয় ডেকা,উপ সভাপতি ডা: সীমাৰেখা দেৱী, যুটীয়া সচিব ডা: ৰুবী কটকীৰ সৈতে বঁটা সমূহ বিতৰণ কৰে।

লগতে পঢ়ক-কাজিৰঙাত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত পৰ্যটন নিবাস উচ্ছেদ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply