নগাঁৱত প্ৰকৃতিপ্ৰেমী মঞ্চৰ উদ্যোগত এক ব্যতিক্ৰমী পদক্ষেপ।প্ৰকৃতিপ্ৰেমী মঞ্চৰ উদ্যোগত পক্ষী সংৰক্ষণ পষেক উপলক্ষে চৰাই বাহ সংস্থাপন নগাঁও চহৰৰ বিভিন্ন প্ৰান্ত।বিভিন্ন প্ৰজাতিৰ বনৰীয়া পক্ষী বিভিন্ন কাৰকৰ প্ৰভাৱত বিলুপ্ত হৈ পৰিছে।

এই পক্ষী সমূহক সংৰক্ষণ কৰা নিত্যান্তই প্ৰয়োজন।তাৰোপৰি গছ গছনিৰ পৰিমান হ্ৰাস হোৱাৰ বাবে বাসস্থানৰ অভাৱত ভুগিছে বনৰীয়া পক্ষী সমূহে।যাৰ বাবে প্ৰকৃতিপ্ৰেমী মঞ্চই অসমৰ বিভিন্ন ঠাইত সংস্থাপন কৰিছে কৃত্ৰিম বাহ।

নগাঁৱৰ আদালত চৌহদকে ধৰি নগাঁৱৰ কেইবাঠাইটো সংস্থাপন কৰে চৰাইৰ বাবে কৃত্ৰিম বাহ।পোন্ধৰ দিনীয়াকৈ প্ৰকৃতি সুৰক্ষা মঞ্চই আয়োজন কৰিছে এই কাৰ্যসূচী।অসমৰ কেইবাখনো জিলাত সংস্থাটোৱে পালন কৰিব এই কাৰ্যসূচী।

আনহাতে চৰকাৰক বছৰৰ এটা সপ্তাহ বনৰীয়া পক্ষী সুৰক্ষা সপ্তাহ হিচাপে পালন কৰিবলৈও অনুৰোধ জনাই সংস্থাটোৰ কৰ্মীসকলে।

লগতে পঢ়ক- ক্ৰীড়াৰ ৰাজধানী কৰিব খোজা গুৱাহাটীত ফুটবল ফিল্ড বিচাৰি খেলুৱৈৰ ৰাজপথত প্ৰতিবাদ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply