হোজাই: ডবকাৰ শালবাগান ৰক্ষা কৰাৰ দাবীত প্ৰতিবাদ ক্ৰমান্বয়ে তীব্ৰতৰ হৈছে ৷
ডবকা বনাঞ্চল ৰক্ষাৰ বাবে শালবাগানৰ পৰা আৰম্ভ হৈছে গণ স্বাক্ষৰ অভিযান৷
আমছু হোজাই জিলা সমিতি, পান্থতৰু সংৰক্ষনী, অসম জাতিয়তাবাদী য়ুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতি, গ্ৰীণ গাৰ্ড, নগাঁও ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, হস্তীবন্ধু (অসম), ইলোৰা বিজ্ঞান মঞ্চ, লাওখোৱা-বুঢ়াচাপৰি চছাইটি, প্ৰাকৃতিক সংগঠন মাইহাং, সদৌ অসম কবি সন্মিলন, অসম কবি চক্ৰ, সাংস্কৃতিক গোষ্ঠী কল্লোলৰ যৌথ উদ্যোগত আজি ডবকাত ৰূপায়ন কৰা হয় এই জন জাগৰণ অভিযান৷
কোনো মুল্যৰ বিনিময়তে ডবকা বনাঞ্চল ধ্বংস হবলৈ নিদিয়ে বুলি হুংকাৰ প্ৰদান কৰে উমৈহতীয়া মঞ্চই৷
লগতে পঢ়ক-অসম আৰক্ষীৰ আইপিএছ বিষয়া শংকৰ ব্ৰত ৰায়মেধিলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰনালয়ৰ বিশেষ অভিযান পাৰদৰ্শিতা বঁটা
দল-সংগঠন আৰু অনুষ্ঠান প্ৰতিষ্ঠানৰ কেবাশতাধিক সদস্যই ডবকাত বন সুৰক্ষা প্ৰদানৰ দাবীৰে এক উত্তাল পৰিৱেশৰ সৃষ্টি কৰে৷ সকলোৱে অংশ লয় গণ স্বাক্ষৰ অভিযানত৷ ডবকা বনাঞ্চল ধ্বংস নকৰিবলৈ গণ স্বাক্ষৰ অভিযানৰ জৰিয়তে সংগ্ৰাম অব্যাহত ৰাখিছে প্ৰতিবাদীসকলে৷
ইতিমধ্যে এই বনাঞ্চল ধ্বংস নকৰি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে বিকল্প পথৰ সন্ধান চলাইছে যদিও ৰাইজক আশ্ৰস্ত কৰিব পৰা নাই ৷