নিউজ ডেস্কঃ অনিদিষ্ট কাললৈ তেজপুৰৰ SBI শাখা বন্ধ।
কৰ্মচাৰীৰ দেহত কভিড পজিটিভ ওলোৱাৰ বাবে SBI তেজপুৰ শাখাৰ এই সিদ্ধান্ত।
বেংকটোৰ এজন কৰ্মচাৰী বিহাৰৰ পৰা ঘূৰি অহাৰ পাছতেই তেওঁ কভিডত আক্ৰান্ত হয়।
ইয়াৰ পাছতেই শাখাটোৰ সকলো কৰ্মচাৰীক শুকুৰবাৰে কভিড টেষ্ট কৰিবলৈ প্ৰশাসনে নিৰ্দেশ দিয়াৰ লগতে তেজপুৰৰ SBI শাখা অনিদিষ্ট কাললৈ শাখা বন্ধ ৰাখে।
আনহাতে,অসমত আকৌ ৪৯৩৬জনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ।এতিয়াও অসমত চিকিৎসাধীন হৈ আছে ৩১৮২৯জন ৰোগী।
আনহাতে, অসমত আজিৰ দিনটোত কোৰোনাত আক্ৰান্ত ৪৬জন লোকৰ মৃত্যু হৈছে।
এতিয়ালৈকে মৃত্যু হোৱা লোকৰ সংখ্যা ১৫৩১জনলৈ বৃদ্ধি পাইছে ৰাজ্যত।