ৰিতু ৰাজ গগৈ

ডিব্ৰুগড় চহৰৰ থানা চাৰিআলিস্থিত ভাৰতীয় ষ্টেট বেংকত লজ্জাজনক ঘটনাৰ দোষীক শিৱসাগৰত গ্ৰেপ্তাৰ ।

১৪ চেপ্তেম্বৰত সংঘটিত হৈছিল এই লজ্জাজনক কাণ্ড, পৰবৰ্তী সময়ত ভিডিঅ’টো ভাইৰেল হৈ পৰাত বিষয়টো আৰক্ষীৰ নজৰলৈ আহে ।

এগৰাকী মহিলাক কাউন্টাৰত ধনৰ লেনদেনৰ বাবে শাৰীপাতি থকাৰ অৱস্থাত অসৎ ব্যৱহাৰ কৰাৰ অপৰাধত শিৱসাগৰ আৰক্ষীয়ে কৰায়ত্ব কৰে ৰিতুৰাজ গগৈ নামৰ এটা লম্পটক ।

শিৱসাগৰ ৰাজ্যিক পৰিবহন বাছ আস্থানৰ পৰা কৰায়ত্ব কৰে ৰিতুৰাজ গগৈ ওৰফে ৰিতু নন্দেশ্বৰ শেনছোৱাক ।

শিৱসাগৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া যুগল কিশোৰ কলিতাৰ নেতৃত্বত আৰক্ষীৰ দলে কৰায়ত্ব কৰে ৰিতুৰাজক ।

শিৱসাগৰ বাছ আস্থানৰ পৰা কোনো স্থানলৈ পলায়নৰ যো-জা কৰোতেই আৰক্ষীৰ জালত পৰিল ৰিতুৰাজ ।

উল্লেখ্য যে কালি কুচৰিত্ৰৰ ৰিতুৰাজে মহিলাগৰাকীৰ অজ্ঞাতেই বেংকতে অসৎ কাৰ্য্য চৰিতাৰ্থ কৰাৰ বাবে চেষ্টা চলাইছিল ।

এই অসৎ কাৰ্যৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতেই ৰাজ্যজুৰি সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান জি, পি সিঙেও টুইট যোগে ৰিতুৰাজ গগৈক গ্ৰেপ্তাৰৰ কথা প্ৰকাশ কৰিছে ।

উল্লেখ্য যে অভিনেতা হিচাপে পৰিচিত ৰিতুৰাজে বহুকেইখন ধাৰাবাহিকতো অভিনয় কৰিছে ।

লগতে পঢ়ক শিলচৰৰ আশ্ৰম ৰোডত উত্তেজনা, জ্বলাই দিলে বাইক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply