এটিএম

আজিৰে পৰা ATM ৰ পৰা ধন উলিওৱাৰ ক্ষেত্ৰত সলনি হৈছে নিয়ম ।

ইণ্টাৰচেঞ্জ ফিজ ফাইনেঞ্চিয়েল ট্ৰানজেকচন বাবে বৃদ্ধি কৰা হৈছে মাচুল ।

পূৰ্বৰ ১৫ টকাৰ পৰা ১৭ টকালৈ বৃদ্ধি কৰা হৈছে এই মাচুল ।

নন-ফাইনেঞ্চিয়েল ট্ৰানজেকচনৰ মাচুল ৫ টকাৰ পৰা ৬ টকালৈ বৃদ্ধি কৰা হৈছে ।

ভাৰতীয় ৰিজাৰ্ভ বেংকে নতুনকৈ ধাৰ্য কৰিছে এই মাচুল ।

এছবিআইৰ বিএছবিডি একাউণ্ট ধাৰকসকলৰ বাবে সীমিত সংখ্যাত বিনামূলীয়া চেকবহীৰ পৃষ্ঠা উপলব্ধ থাকিব।

সংশোধিত নিৰ্দেশনা অনুসৰি, একাউণ্ট ধাৰকে বিত্তীয় বৰ্ষত যিকোনো ধন লেনদেনৰ বাবে কেৱল মাত্ৰ ১০ টা বিনামূলীয়া পৃষ্ঠাহে পাবলৈ সক্ষম হ’ব।

চেক বহী এখনৰ অতিৰিক্ত ১০ টা পৃষ্ঠাৰ বাবদ ৪০ টকা জিএছটি আদায় কৰা হ’ব।

থিক তেনেকৈ পৰৱৰ্তী ২৫ টা পৃষ্ঠাৰ বাবে ৭৫ টকা জিএছটি আদায় কৰা হ’ব।

আনহাতে, জৰুৰীকালীন চেক বহীৰ বাবে ৫০ টকা জিএছটি মূল্যত ১০ টা পৃষ্ঠাৰ চেক বহী পাবলৈ সক্ষম হ’ব।
অৱশ্যে, চেক বহী ব্যৱহাৰৰ সীমা জ্যেষ্ঠ নাগৰিকৰ বাবে প্ৰযোজ্য নহ’ব।

লগতে পঢ়ক অবশেষত বিজেপিত যোগদান থাওৰাৰ কংগ্ৰেছী বিধায়ক সুশান্ত বৰগোঁহাইৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply