ভাৰতীয় ষ্টেট বেংক (এছ বি আই)ৰ জুনিয়ৰ এচ’চিয়েট (কাষ্টমাৰ ছাপোৰ্ট এণ্ড ছেলছ) পদৰ ৫,২৩৭ টা পদত নিযুক্তিৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে।
অৰ্হতা সম্পন্ন ইচ্ছুক প্ৰাৰ্থীসকলে এছ বি আইৰ ৱেবছাইট গৈ বা ইয়াত ক্লিক কৰি অনলাইন যোগে আবেদন কৰিব পাৰে।
ভাৰতীয় ষ্টেট বেংকে প্ৰকাশ কৰা এখন জাননী অনুসৰি ভাৰতবৰ্ষৰ বিভিন্ন শাখাত খালী হৈ থকা ৫,২৩৭ টা পদত নিযুক্তি দিয়া হ’ব। ইয়াৰে ২৭৫টা পদ উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ বাবে, অসমৰ ক্ষেত্ৰত আছে ১৪৯ টা পদ।
জাননীত উল্লেখ কৰা মতে আবেদৰ অন্তিম তাৰিখ হৈছে ১৭ মে’ ২০২১।
জুনিয়ৰ এচ’চিয়েট (কাষ্টমাৰ ছাপোৰ্ট এণ্ড ছেলছ) পদৰ বাবে আবেদন কৰিব বিচৰা প্ৰাৰ্থীসকলৰ শিক্ষাগত অৰ্হতা কোনো স্বীকৃত প্ৰাপ্ত বিশ্ববিদ্যালয় বা কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষ্ঠানৰ পৰা যিকোনো বিষয়ত স্নাতক ডিগ্ৰীধাৰী হ’ব লাগিব।
লগতে পঢ়ক : দুলীয়াজান স্থিত অইল ইণ্ডিয়াত ওলাইছে চাকৰি; ১১৯টা পদৰ বাবে কৰক আবেদন
তেওঁলোকৰ বয়স ১ এপ্ৰিল ২০২১ত ২০ বছৰতকৈ কম আৰু ২৮ বছৰতকৈ অধিক হ’ব নালাগিব। অৱশ্যে অনুসূচিত জাতি/ অনুসূচিত জনজাতিৰ প্ৰাৰ্থীসকলৰ বাবে ৫ বছৰ আৰু অ’বিচি তথা পিডব্লিউডি প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত ক্ৰমে ৩ আৰু ১০ বছৰৰ ৰেহাই থাকিব।
অনুসূচিত জাতি/ অনুসূচিত জনজাতি আৰু পিডব্লিউডি প্ৰাৰ্থীসকলৰ বাহিৰে বাকীসকলে অহা ১৭ মে’ৰ ভিতৰত অনলাইন যোগে ৭৫০ টকা মাছুল জমা দি আবেদন লাগিব।
যোগ্যতা সম্পন্ন আবেদনকাৰীসকলৰ বাবে প্ৰিলিমিনেৰী পৰীক্ষা অহা জুন মাহৰ কোনোবা এটা দিনত আৰু মেইন পৰীক্ষা ৩১/০৭/২০২১-ত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।
নিযুক্তি সম্পৰ্কীয় সবিশেষ তথ্যৰ বাবে আগ্ৰহী সকলে ইয়াত ক্লিক কৰি বিভাগীয় বিজ্ঞাপন চাব পাৰে।