ৰাজ্যত ক্ৰমাৎ ক’ভিড মহামাৰীয়ে গুৰুতৰ ৰূপ ধাৰণ কৰিছে। প্ৰত্যেক দিনাই ক্ৰমাগতভাৱে আক্ৰান্ত লোকৰ হাৰ বৃদ্ধি পাবলৈ ধৰিছে।

এইবাৰ ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰীত ক’ভিডত আটাইতকৈ অধিক লোক আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হোৱাৰ লোকৰ সংখ্যাও বাকী জিলা সমূহতকৈ বেছি।

দেওবাৰে কামৰূপ মহাগৰত ১,৩৪৬ গৰাকী ব্যক্তি ক’ভিডত আক্ৰান্ত হোৱাৰ লগতে জিলাখনৰ ১৭ গৰাকী ব্যক্তিয়ে মৃত্যুক সাবটি লয়।

মহাগৰীৰ ছয়মাইলস্থ ভাৰতীয় ষ্টেট বেংক শাখাৰ দুগৰাকী কৰ্মচাৰীৰ ক’ভিড পজিটিভ ধৰা পৰিছে। ফলত শাখাটো বৰ্তমান কনটেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে।

লগতে পঢ়ক : দেওবাৰে ৰাজ্যত ৪৮ গৰাকী ব্যক্তি কভিডত মৃত্যু; আক্ৰান্তৰ হাৰ ৯.১৩ শতাংশ

বেংকটোৰ আগত লগাই থোৱা এখন জাননীত উল্লেখ কৰা অনুসৰি অহা মঙলাবৰে (১১ মে’) শাখাটো পুনৰ গ্ৰাহকৰ বাবে মুকলি কৰা হ’ব পাৰে। ৰাজ্যত বৰ্তমান ৩৬,০০৫ গৰাকী ব্যক্তি ক’ভিডত আক্ৰান্ত, দেওবাৰে অসমত ৪৮ গৰাকী ব্যক্তিৰ ক’ভিডত মৃত্যু হয়।   

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply