নিউজ ডেস্ক : এটা বছৰৰ অন্তত বৃহস্পতিবাৰে মুকলি আকাশৰ তললৈ অহা অসমৰ দেৱাংগনা কলিতাসহ তিনি গৰাকী ছাত্ৰ নেতাৰ বিৰুদ্ধে দিল্লী আৰক্ষী এইবাৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে। যোৱা মঙলবাৰে দিল্লী উচ্চ ন্যায়ালয়ে দেৱাংগনাসহ তিনি গৰাকী ছাত্ৰ কৰ্মীৰ জামিন মঞ্জুৰ কৰি দিয়া ৰায়ৰ পিছত দিল্লী আৰক্ষীয়ে উক্ত ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল।
পিছে শুকুৰবাৰে, উচ্চতম ন্যায়ালয়ে দিল্লী উচ্চ ন্যায়ালয়ে দিয়া ৰায়ৰ ওপৰত স্থগিতাদেশ জাৰি কৰিবলৈ অস্বীকাৰ কৰে। ন্যায়ালয়ে দেৱাংগনা কলিতা, নাটাশা নাৰৱাল আৰু আচিফ ইকবাল তনহাই এতিয়া জামিনত থাকিব পাৰিব বুলি কয়।
অৱশ্যে দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়ৰ ওপৰত কোনো ধৰণৰ হস্তক্ষেপ কৰা নাই যদিও উচ্চতম ন্যয়ালয়ে উক্ত ৰায়ক লৈ সন্তুষ্ট নহয় বুলি সদৰী কৰে। জামিনৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে দিয়া আবেদনৰ শুনানিত উচ্চতম ন্যায়ালয়ে কয় যে এনে ধৰণৰ বিষয়ত দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়ক ‘কোনো ন্যায়ালয়ে নজিৰ হিচাপে গণ্য নকৰে’।
লগতে পঢ়ক : শাৰীৰিক আক্ৰমণৰ পৰা চিকিৎসকক ৰক্ষা কৰিবলৈ এইগৰাকী চিকিৎসকে ৬ বছৰ ধৰি চলাই আহিছে এখন যুঁজ
দিল্লী আৰক্ষীৰ হৈ মহা ন্যায়াভিকৰ্তাই পেচ কৰা আবেদনৰ শুনানীত ন্যায়াধীশ হেমন্ত গুপ্তা আৰু ন্যায়াধীশ ভি ৰামাছুব্ৰমণিয়মৰ পীঠে এইদৰে কয়। উচ্চতম ন্যায়ালয়ৰ বিচাৰক মণ্ডলীৰ সন্মুখত মহা ন্যায়াভিকৰ্তা গৰাকীয়ে ‘ছাত্ৰ কৰ্মী তিনিগৰাকীৰ জামিন মঞ্জুৰ কৰি দিল্লী উচ্চ ন্যায়ালয়ে সমস্ত সন্ত্ৰাস বিৰোধী আইন, বেআইনী কাৰ্যকলাপ প্ৰতিৰোধী আইন (UAPA)ক লুটিয়াই পেলালে’ বুলি কয়।
উল্লেখযোগ্য যে যোৱা মঙলবাৰে বেআইনী কাৰ্যকলাপ প্ৰতিৰোধী আইনৰ (UAPA) অধীনত কাৰাবন্দী হৈ থকা পিঞ্জৰা টোড়’ সংগঠনৰ নেত্ৰী দেৱাংগনা কলিতা, নাটাশা নাৰৱাল আৰু আচিফ ইকবাল তনহাৰ জামিন মঞ্জুৰ কৰিছিল।
তিহাৰ জে’লত এটা বছৰৰ অধিক কাল কাৰাবন্দী হৈ থকা ছাত্ৰ কৰ্মী কেইগৰাকীক কা’ বিৰোধী আন্দোলনত দিল্লীত সংঘটিত হোৱা হিংসাত্মক ঘটনাত জড়িত থকাৰ অভিযোগত ২০২০ চনৰ ২৩ মে’ত দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।