বাঘজান কাণ্ডৰ ভুক্তভোগীসকলে পাবলগীয়া ক্ষতিপূৰণৰ বিষয়টো অহা দুমাহৰ ভিতৰত মীমাংসা কৰিবলৈ আজি উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণক নিৰ্দেশ দিয়ে। ইয়াৰ উপৰি উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণক পৰিৱেশৰ পুনৰুজ্জীৱিতকৰণ সম্পৰ্কীয় বিষয়সমূহৰ শুনানি ল’বলৈও ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণক দায়িত্ব অৰ্পন কৰিছে।
প্ৰায় দুবছৰৰ অপেক্ষাৰ অন্তত আদালতৰ এই ৰায়দানে তিনিচুকীয়া জিলাৰ বাঘজান আৰু নতুন ৰঙাপৰা গাঁৱৰ ৰাইজলৈ মনলৈ কিছু আশাৰ বতৰা লৈ আনিছে। উল্লেখযোগ্য যে বাঘজানৰ অইলৰ তেলখাদত সংঘটিত বিস্ফোৰণৰ ফলত উক্ত দুয়োখন গাঁৱৰ লোকসকলে ঘৰ-বাৰীৰ লগতে জীৱিকা হেৰোৱাব লগীয়া হৈছিল, আৰু ২০২১ চনৰ অক্টোবৰত এইসকল লোকে ক্ষতিপূৰণ বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল।
ক্ষতিগ্ৰস্ত লোকসকলৰ অধিবক্তা বিক্ৰম ৰাজখোৱাই জনোৱা মতে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড় নেতৃত্বাধীন উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণক ক্ষতিপুৰণৰ শুনানিৰ কাম শীঘ্ৰে কৰিবলৈ নিৰ্দেশ দিয়ে।
‘‘ক্ষতিগ্ৰস্ত লোকসকলে কেতিয়া তেওঁলোকৰ প্ৰাপ্য ক্ষতিপূৰণ লাভ কৰিব সেই বিষয়টো ইমানদিনে স্পষ্ট হোৱা নাছিল। এই নিৰ্দেশটোৱে এতিয়া প্ৰতিগৰাকী ক্ষতিগ্ৰস্ত ব্যক্তিক অন্তিম ক্ষতিপূৰণ বিচাৰি ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ কাষ চপাৰ বাট প্ৰশস্ত কৰিছে। সেউজ প্ৰাধিকৰণে অহা দুমাহৰ ভিতৰত তেওঁলোকৰ দাবীসমূহ বিচাৰ কৰি তাক ত্বৰান্বিত কৰিব,’’ ৰাখোৱাই কয়।
তেওঁ আৰু কয়, ‘‘যিসকলে অন্তৰ্ৱৰ্তীকালীন ক্ষতিপূৰণ বিচাৰে তেওঁলোকে প্ৰাক্তন ন্যায়াধীশ বি পি কটকীৰ নেতৃত্বাধীন উচ্চতম ন্যায়ালয়ে নিয়োগ কৰা তদন্ত কমিটিক যোগাযোগ কৰিব পাৰে। অৱশেষত ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে ক্ষতিপূৰণৰ দাবীসমূহৰ সন্দৰ্ভত বিচাৰ কৰিব।’’
উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশক বাঘজানবাসীয়ে আদৰি লৈছে। মনোজ হাজৰিকা নামৰ বাঘজানৰ এগৰাকী আৱেদনকাৰীয়ে ন্যায়ালয়ৰ নিৰ্দেশে ক্ষতিপূৰণৰ প্ৰক্ৰিয়াটোক ত্বৰান্বিত কৰিব বুলি আশা প্ৰকাশ কৰে। একেদৰে ক্ষতিপূৰণক লৈ উচ্চতম ন্যয়ালয়ৰ কাষ চপা বাঘজানৰ এগৰাকী সক্ৰিয় কৰ্মী নিৰন্ত গোহাঁইয়েও ন্যায়ালয়ৰ নিৰ্দেশক স্বাগতম জনায়।
কাটাকে সমিতিয়ে অইএলক এই বিস্ফোৰণৰ বাবে দায়ী কৰে আৰু ক্ষতিগ্ৰস্ত লোকসকলৰ পুনৰসংস্থাপন আৰু স্থানীয় পৰিস্থিতি বিজ্ঞানৰ ক্ষয়ক্ষতি পুনৰুদ্ধাৰৰ বাবে অসম চৰকাৰৰ ওচৰত ১১৯৬ কোটি ₹ জমা দিয়াৰ পৰামৰ্শ দিয়ে।
উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে বাঘজান কাণ্ডৰ শুনানি গ্ৰহণ কৰি থকা ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে গঠন কৰা ৬ কমিটিত অইলৰ পৰিচালন সঞ্চালক গৰাকীক অন্তৰ্ভুক্ত কৰা সিদ্ধান্তৰ বিৰোধিতা কৰি যোৱা ২১ এপ্ৰিলত পৰিৱেশ কৰ্মী বনানী কক্কৰে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে ৰাষ্ট্ৰীয় উদ্যান আৰু বিস্ফোৰণৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলে সন্মুখীন হৈ থকা পৰিস্থিতিৰ গুৰুত্বক অৱহেলা কৰা বুলিও পৰিৱেশ কৰ্মীগৰাকীয়ে অভিযোগ কৰিছিল।
ইয়াৰ পিছতে উচ্চতম ন্যয়ালয়ে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ সিদ্ধান্তত হস্তক্ষেপ কৰাৰ লগতে পুনৰ প্ৰাক্তন ন্যায়াধীশ বি পি কটকীৰ হাতত তদন্তৰ দায়িত্ব অৰ্পন কৰে। কটকীৰ নেতৃত্বত গঠিত কমিটিয়ে বাঘজানত তৈলখাদ স্থাপনৰ সময়ত অইলে পৰিৱেশকে ধৰি কেন্দ্ৰীয় প্ৰদূষণ ব’ৰ্ডৰ নিয়ম উলংঘা কৰাৰ অভিযোগ সন্নিৱিষ্ট কৰাৰ লগতে ক্ষতিগ্ৰস্ত লোকসকলৰ পুনৰসংস্থাপন আৰু স্থানীয় পৰিৱেশৰ ক্ষয়ক্ষতি পুনৰুদ্ধাৰৰ বাবে অইলক অসম চৰকাৰক ১১৯৬ কোটি প্ৰদান কৰিবলৈ পৰামৰ্শ আগবঢ়াইছিল।
লগতে পঢ়ক – দিছপুৰত ৰদ-বদলৰ অংক, মে’ত হিমন্ত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ
ইংৰাজীত পঢ়িবলৈ ইয়াত ক্লিক কৰক। (মূল লেখক – অনুমপ চক্ৰৱৰ্তী)