মানকাচৰ : ৰাজ্যত প্ৰধানমন্ত্ৰী কিষান আচঁনিত সংঘটিত হৈছে ভয়াবহ জালিয়াতি। প্ৰায় প্ৰতিখন জিলাতে লাখ লাখ ভুৱা হিতাধিকাৰীয়ে হৰলুকী কৰিছে প্ৰধানমন্ত্ৰী কিষান আচঁনিৰ লাখ লাখ টকা। কৃষি বিভাগৰ চৰম অৱহেলা বাবেই ভুৱা হিতাধিকাৰীয়ে লাভ কৰিছে এই আঁচনিৰ লাখ লাখ ধন।

ৰাজ্যত প্ৰধানমন্ত্ৰী কিষান আচঁনিত ভয়াবহ জালিয়াতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰে জলন্ত উদাহৰণ হৈছে দক্ষিণ শালমাৰা-মানকাচৰ জিলা। জিলাখনৰ মানকাচৰত প্ৰধানমন্ত্ৰী কিষান আচঁনিৰ পৰ্টেলত প্ৰায় ২০ হাজাৰ ভুৱা হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ উঠিছে। জিলাখনৰ প্ৰায় ৪ সহস্ৰাধিক ভুৱা হিতাধিকাৰীৰ লগতে আন জিলাৰ পৰা প্ৰায় ১৬ হাজাৰ ভুৱা হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত হৈছে।

মানকাচৰত মুঠ কৃষকৰ সংখ্যা হৈছে প্ৰায় ৪৯ হেজাৰ আৰু ইয়াৰে প্ৰধানমন্ত্ৰী কিষান আচঁনিতৰ বাবে যোগ্য প্ৰায় ৩২ হাজাৰ কৃষক। কিন্তু ২০ হেজাৰ ভুৱা কৃষকৰ নাম প্ৰধানমন্ত্ৰী কিষান আচঁনিৰ পৰ্টেলত অন্তৰ্ভুক্ত হোৱাত কৃষি বিভাগৰ তৎপৰ হৈ তদন্ত আৰম্ভ কৰিছে। ইতিমধ্যে জিলা কৃষি বিষয়া মইনুল হক প্ৰায় ২০ হেজাৰ ভুৱা হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰিছে। ইয়াকে লৈ প্ৰতি গৰাকীৰ হিতাধিকাৰীলৈ জাননী প্ৰেৰণ কৰা হ’ব বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক : অচিন ৰোগত ভুগিছে গোৰশ্বৰৰ দীপনে চিকিৎসা কৰাবলৈ নাই ধন

ইতিমধ্যে যি সকল ভুৱা হিতাধিকাৰীয়ে ধন লাভ কৰিছে তেওঁলোকে ধন উভতাই দিব লাগিব অন্যথা আইনগত ব্যৱস্থা লোৱা হ’ব। এতিয়া কথা হৈছে প্ৰধানমন্ত্ৰী কিষান আচঁনিৰ পৰ্টেলত ভুৱা হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত হোৱাৰ দায়ী কোন ? কোন জড়িত হৈ আছে এই ঘটনাৰ লগত ? তদন্তৰ অন্তত পোহৰলৈ আহিব নে ইয়াৰ লগত কোন জড়িত ?

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply