নিউজ ডেস্ক : নিজৰ নামত থকা গাড়ী খন বিক্ৰী কৰিম বুলি প্ৰায় ৩১ লাখ টকা লৈ গাড়ীখন দিয়াৰ নামত প্ৰবঞ্চনা কৰি অহাৰ পিছতেই মৃদুপৱন নেওগ নামৰ প্ৰবঞ্চক টোৰ লগতে তেওৰ সৈতে জড়িত আন কেতবোৰ ন ন তথ্য পোহৰলৈ আহিছে ।
প্ৰবঞ্চনাৰ নামত চলাই থকা কাম কাজবোৰ পোহৰলৈ অহাত নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই মিষ্টাৰ নটৱৰলালৰ সৈতে তুলনা কৰিছে । কেতিয়াবা যদি চোৰাংচোৱা হয় কেতিয়াবা হয় আৰক্ষী বিষয়া । এই বহুৰূপী লোকজনৰ কথা পোহৰলৈ অহাত তেওৰ প্ৰবঞ্চনাৰ জালত পৰা লোকসকল আৰক্ষীৰ কাষ চাপিছে । নগাঁও আৰু পানবজাৰ থানাত গোচৰ ৰুজু হৈছে । মন্ত্ৰী, বিষয়া, ৰাজনৈতিক নেতাৰে সু সম্পৰ্ক থকা দেখুৱাই তোলা ফটো বোৰৰ সহায়তে সাধাৰন লোকৰ মাজত প্ৰবঞ্চনাৰ জাল মেলিছিল মৃদুপৱনে ।
নগাঁও এটা গোচৰৰ পিছতেই মৃদুপৱন নেওগৰ প্ৰবঞ্চনাৰ জালখনৰ কেতবোৰ ন ন তথ্য পোহৰলৈ আহিছে । প্ৰবঞ্চক মৃদুপৱনৰ ফোনৰ পৰা এগৰাকী মহিলালৈ পানবজাৰ থানাৰ এচিপি বুলি পৰিচয় দি মহিলা এগৰাকীয়ে ফোন কৰা ঘটনাও পোহৰলৈ আহিছে । আৰক্ষীয়ে ফোন নম্বৰটো পৰীক্ষা কৰাত গোটেই বিষয়টো পোহৰলৈ অহাত আন এক গোচৰ ৰুজু কৰিছে । ২০০৯ চনত ড্ৰাগছ সংক্ৰান্তিয় এক গোছৰ ৰুজু হোৱাত পলায়ন কৰিছিল বুলি আৰক্ষী সুত্ৰত প্ৰকাশ হৈছে ।
নিজকে কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰালয়ৰ উচ্চ পদস্থ বিষয়া ৰূপে চিনাকী দি নিজা গাড়ীত ভাৰত চৰকাৰৰ ফলক আঁৰি ফুৰা মৃদুপৱন নেওগে ২০০৫ চনত বোকাজান উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা পৰীক্ষা দি অনুত্তীৰ্ণ হৈছিল ।
শেহতীয়াকৈ মৃদুপৱন নেওগৰ প্ৰবঞ্চনাৰ কথা পোহৰলৈ অহাত পৰিয়ালৰ আন সদস্যসকলৰো কেতবোৰ কাহিনী পোহৰলৈ আহিছে। পিতৃ থানেশ্বৰ নেওগ আৰু মাতৃ পদুমী নেওগৰ বিৰুদ্ধেও প্ৰমাণ পত্ৰ জালিয়াতি কৰাৰ তথ্য সন্মুখলৈ আহিছে । শেহতীয়াকৈ বিশেষ ভাবে চৰ্চালৈ আহিছে মৃদুপৱনৰ বায়েক মৃণালিনী নেওগৰ নাম । বৰ্তমান মায়ানগৰীত জ্যোতিষী আটলান্টা কাশ্যপ হিচাবে জনাজাত । গুৱাহাটীৰ পৰা প্ৰথমে গোৱালৈ যোৱা মৃণালিনীক অসামাজিক কাৰ্যকলাপৰ বাবে গ্ৰেপ্তাৰ কৰিছিল । জেলৰ পৰা ওলায়েই নাম সলনি কৰি হৈছিল আটলান্টা আৰু জ্যোতিষী হিচাবে পৰিচিত হৈছে বুলি আৰক্ষীয়ে তথ্য লাভ কৰিছে । একেদৰে প্ৰবঞ্চক মৃদুপৱনৰ জ্যেষ্ঠ ভাতৃ মহানন্দইও মায়ানগৰীতে আৰিয়ান কাশ্যপ নামেৰে জ্যোতিষ চৰ্চাত লাগিছে বুলি আৰক্ষীয়ে তথ্য লাভ কৰিছে ।
লগতে পঢ়ক-গোৰেশ্বৰত সংযুক্ত কৃষক মৰ্চাৰ দ্বাৰা আহ্বান কৰা “ভাৰত বন্ধ”ৰ সৰ্বাত্মক প্ৰভাৱ
আৰক্ষীয়ে মৃদুপৱনৰ প্ৰবঞ্চনাৰ কাহিনী অনুসন্ধান কৰোতে পৰিয়াল সম্পৰ্কে এইবোৰ তথ্য । ক’ত হেৰাল মৃদুপৱন সেই সম্পৰ্কে অনুসন্ধান অব্যাহত আছে বুলি জনাই সঞ্চালক প্ৰধানে । বাহন বিক্ৰীৰ নামত ৩১ লাখ টকা লৈ প্ৰবঞ্চনা কৰাৰ সময়তে মৃদুপৱনৰ অতীতৰ বহুবোৰ কাহিনী পোহৰলৈ আহিছে , অভিযানত ধৰা পৰিলে অসমৰ মিষ্টাৰ নটৱবলালৰ আৰু তথ্য পোহৰলৈ আহিব বুলি আশা কৰিছে আৰক্ষীয়ে।