যোৱা ১৩ মে’ত নগাঁৱৰ বামুনী পাহাৰত ১৮টাকৈ হাতীৰ মৃতদেহ উদ্ধাৰ হৈছিল। উক্ত ঘটনাৰ তদন্তৰ বাবে ৰাজ্যৰ বন বিভাগে এখম কমিটি গঠন কৰি দিছিল, দুসপ্তাহৰ পিছত উক্ত কমিটিয়ে বজ্ৰপাতৰ ফলত হাতী কেইটাৰ মৃত্যু হোৱা বুলি নিশ্চিত হয়। ইপিনে, উপ বন সংৰক্ষক কে কে দেউৰীৰ নেতৃত্বত গঠিত কমিটিয়ে দাখিল কৰা প্ৰতিবেদনৰ পিছত চামগুৰি থানাত বন বিভাগৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰা হয়। উক্ত এজাহাৰত হাতী কেইটাৰ মৃত্যুৰ বাবে এটা সৌৰ শক্তি প্ৰতিষ্ঠানকো জগৰীয়া কৰা হৈছে।

বৃহস্পতিবাৰে ৰাজ্যৰ বন মন্ত্ৰী পৰিমল শুক্লবদ্যই এখন সংবাদমেল সম্বোধন কৰি তদন্ত কমিটিৰ প্ৰতিবেদনৰ মূল তথ্য সমূহ ৰাজহুৱা কৰে।

প্ৰবল প্ৰবাহ

১৪ মে’ত কে কে দেউৰী কমিটিয়ে ১৪৫ মিটাৰ পৰিসীমাৰ ভিতৰত উদ্ধাৰ হোৱা ১৮ টা হাতীৰ মৃতদেহৰ ফৰেনছিক চেম্পল সংগ্ৰহ কৰে। তেওঁলোকে হাতী কেইটাৰ বিষক্ৰিয়া হৈ মৃত্যু হৈছিল নেকি তাক ঠাৱৰ কৰিবলৈ বিষবৈজ্ঞানিক (toxicological) পৰীক্ষা কৰাৰ লগতে এনথ্ৰাক্স জাতীয় কিবা বেমাৰৰ প্ৰাদুৰ্ভাব হৈছিল নেকি তাক নিশ্চিত কৰিবলৈ কেতবোৰ মাইক্ৰ’বায়’লজিকেল পৰীক্ষা সম্পন্ন কৰিছিল।

নৰ্থ ইষ্ট স্পেচ এপ্লিকেশ্যনছ চেণ্টাৰ (NESAC)-এ ১২ মে’ৰ দিনা অঞ্চলটোত প্ৰচণ্ড বজ্ৰপাত পৰাৰ কথা নিশ্চিত কৰে। NESAC-ৰ মতে ১২ মে’ৰ পুৱা প্ৰায় ৯.২৮ বজাত বামুণী পাহাৰত প্ৰায় ৩৯ কিলো এম্পিয়েৰৰ বজ্ৰপাত পিৰিছিল।

মূল লেখা : Scattered, absurd: How did 18 elephants atop Bamuni hill die?

‘প্ৰাৰম্ভিক অনুসন্ধানতে আমি হাতী কেইটাৰ দেহত পুৰা দাগ দেখা পাইছিলো, ইয়াৰ উপৰিও ঘটনাস্থলীতো আমি একাংশ গছ-গছনি জ্বলি যোৱা দেখা পাইছিলো। অৱশ্যে, তাৰ পিছতো আমি সকলো বিলাক দিশ চাবলৈ যন্ত কৰিছিলো। এতিয়া আমি ক’ব পাৰো যে এটা ডাঙৰ বজ্ৰপাতৰ ফলতে হাতী কেইটাৰ মৃত্যু হৈছিল,’ দেউৰীয়ে ইষ্টম’জ’ক কয়।

২৭ মে’ত মুখ্য ৱাইল্ড লাইফ ৱাৰ্ডেনৰ হাতত জমা দিয়া মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত হাতী কেইটাৰ মৃতদেহ খুব খৰকৈ পচন হোৱা বুলি উল্লেখ কৰা হৈছিল, যাৰ ফলত বিস্তাৰিতৰূপত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰিব পৰা নগ’ল।

Wildlife Trust of India’s Centre for Wildlife Rehabilitation and Conservation (CWRC)- ৰ উপ সঞ্চালক ডাঃ ভাস্কৰ চৌধুৰীৰ মতে বিষক্ৰীয়া বা উচ্চ ক্ষমতাসম্পন্ন বৈদ্যুতিক শ্বকৰ ফলত কিছুমান জন্তুৰ মৃতদেহ খৰকৈ পচিবলৈ ধৰে। যিহেতু toxicological পৰীক্ষাত বিষক্ৰিয়াৰ কোনো চিন ধৰা পৰা নাই আমি এয়া বজ্ৰপাতৰ ফলতে ঘটা বুলি সন্দেহ কৰিছো, তেওঁ কয়।

১১ মে’ৰ মাজনিশা আৰু ১২ মে’ৰ পুৱা হাতী কেইটাৰ মৃত্যু হোৱা বুলি চৌধুৰী আৰু আন কেইগৰাকীমান পশু-চিকিৎসকে অনুমান কৰিছে। ১৪ মে’ৰ নিশা হাতী কেইটাৰ মৰণোত্তৰ পৰীক্ষা কৰা হৈছিল।

লগতে পঢ়ক : ব্ৰজপাত নে অন্য কাৰণ? নগাঁৱৰ ১৮টা হাতীৰ মৃত্যুৰ প্ৰসংগত

বিক্ষিপ্ত আৰু উদ্ভট

বৃহস্পতিবাৰে, শুক্লবদ্যই প্ৰতিবেদনৰ তথ্যসমূহ ৰাজহুৱা কৰাৰ দিনাই গোলাঘাটৰ এজন জ্যেষ্ঠ সাংবাদিক তথা পৰিৱেশকৰ্মী অপূৰ্ব বল্লভ গোস্বামীয়ে চামগুৰি থানাত বন বিভাগৰ কেইবাগৰাকী বিষয়া আৰু মিকিৰ বামুণীত সৌৰ শক্তি প্ৰকল্প স্থাপন কৰি থকা এজিউৰ কোম্পানিৰ এৰিয়াৰ মেনেজাৰৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে।

গোস্বামীয়ে ঘটনা সংঘটিত হোৱা বামুণী পাহাৰত গৈ স্থানীয় লোকসকলৰ সৈতে ঘটনা সম্পৰ্কে সোধা-পোছা কৰিছিল।

‘এজোপা গছতো বজ্ৰপাত পৰাৰ কোনো চিন নাই, ইয়াৰ উপৰি হাতী কেইটাৰ মৃতদেহসমূহ বহু আঁতৰে আঁতৰে পৰি আছিল। আনকি সমীপৰ এখনো গাঁৱৰ ৰাইজে বজ্ৰপাত পৰাৰ শব্দ শুনা নাই। তাতকৈ ডাঙৰ কথা বিদ্যুতাঘাতৰ ফলত এইদৰে হাতীৰ মৃত্যু হোৱাৰ কথা বহু কেইগৰাকী বিশিষ্ট পৰিৱেশবিদে নাকচ কৰাৰ লগতে ইয়াক উদ্ভট বুলি অভিহিত কৰে,’ এজাহাৰখনত গোস্বানীয়ে কয়।

এজাহাৰখনত তেওঁ এজিউৰ কোম্পানিৰ এৰিয়া মেনেজাৰে মিকিৰ বামুণী অঞ্চলত ৯০ মেগাৱট সৌৰ শক্তি প্ৰকল্প স্থাপন কৰি হাতীৰ আহ-যাহৰ বাট বন্ধ কৰা বুলি অভিযোগ কৰে।

কে কে দেউৰী কমিতিৰ প্ৰতিবেদনত বামুণী পাহাৰক সামৰি পশ্চিমে ডবকা সংৰক্ষিত বনাঞ্চল, পূবে বাগছেৰ সংৰক্ষিত বনাঞ্চল, কাজিৰঙাকে ধৰি কাৰ্বি আংলং আৰু নগাঁও জিলাৰ পাহাৰীয়া অঞ্চলসমূহ হাতীৰ আৱাসভূমি বুলি উল্লেখ কৰে। নবেম্বৰৰ পৰা জানুৱাৰীৰ মাজভাগলৈকে এই অঞ্চলটোত ২০০ টাতকৈ অধিক বনৰীয়া হাতী চলা-ফুৰা কৰি থাকে বুলি প্ৰতিবেদনত কোৱা হয়।

অৱশ্যে এই তদন্ত, উক্ত হাতী কেইটাৰ মৃত্যুৰ আঁৰত কিবা অন্যায় কাৰ্য্য নিহিত আছে নেকি কেৱল তাক নিশ্চিত কৰিবলৈ হে কৰা হৈছিল বুলি দেউৰীয়ে কয়। সৌৰ শক্তি প্ৰকল্পটো থকাৰ বাবে হাতী কেইটাৰ মৃত্যু হোৱাৰ কিবা কাৰণ থাকিব পাৰে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত দেউৰীয়ে কয় যে সৌৰ শক্তি প্ৰকল্পটো তদন্তৰ আওতাত নপৰে।

মূল লেখক : অনুপম চক্ৰৱৰ্তী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply