গুৱাহাটী : আজিৰ পৰা বন্ধ ঘোষণা কৰা হৈছে ৰাজ্যৰ সকলো চৰকাৰী-বেচৰকাৰী শিক্ষা অনুষ্ঠান। অনিৰ্দিষ্ট কাললৈ শিক্ষা অনুষ্ঠান বন্ধ কৰাৰ ঘোষণা কৰিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ শেহতীয়া কভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত।
সমগ্ৰ দেশৰ লগতে অসমতো ক্ৰমাৎ ভয়াবহ হৈ পৰিছে কভিড পৰিস্থিতি। দেশত প্ৰতিদিনে লক্ষাধিক লোক কিভিডত আক্রান্ত হৈ থকাৰ লগতে কেইবাহাজাৰ লোক মৃত্যুৰ মুখত পৰিছে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো প্ৰতিদিনে নতুন নতুন লোকৰ শৰীৰত ধৰা পৰিছে কভিডৰ অৱস্থিতি।
অসমৰ শেহতীয়া কভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে চৰকাৰে ৩০০ ৰ অধিক কভিড ৰোগী থকা জিলা সমূহত সকলো চৰকাৰী-বেচৰকাৰী শিক্ষা অনুষ্ঠান বন্ধ ৰখাৰ নিৰ্দেশনা জাৰি কৰিছিল। এইবাৰ শিক্ষা অনুষ্ঠান সন্দৰ্ভত এক নতুন নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে।
ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সকলো জিলৰে চৰকাৰী-বেচৰকাৰী শিক্ষা অনুষ্ঠান সমূহ বন্ধ ৰখাৰ নিৰ্দেশনা জাৰি কৰিছে। আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ স্বাস্থ্যমন্ত্ৰীয়ে এইনিৰ্দেশনা জাৰি কৰিছে। উল্লেখ্য যে অসমত কভিড আক্রান্ত লোকৰ সংখ্যাৰ হাৰ বৃদ্ধি পোৱাৰ লগতে বৃদ্ধি পাইছে মৃতকৰ সংখ্যা।