নিউজ ডেস্কঃ গুৱাহাটী মহানগৰীৰত পুৱাই শোকাৱহ পথ দুৰ্ঘটনা। ৰ’য়েল গ্ল’বেল স্কুল বাছৰ খুন্দাত থিতাতে নিহত হৈছে এগৰাকী স্কুলীয়া ছাত্ৰী।
বায়েকৰ সৈতে স্কুটীৰে বিদ্যালয়লৈ গৈ থকাৰ অৱস্থাত ১৫ নম্বৰ ৰ’য়েল গ্ল’বেল স্কুল বাছখনে মহতিয়াই নিয়ে। নিহত ছাত্ৰীগৰাকী লিটিল ফ্লাৱাৰ স্কুলৰ একাদশ বৰ্ষৰ প্ৰিয়া কুমাৰী বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাটোত সংঘটিত কৰাৰ পিছত ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল বাছখনে।
জানিব পৰা অনুসৰি, পলায়ন কৰা বাছখন বশিষ্ঠ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে।
লগতে পঢ়ক – কাজিৰঙাত অনুষ্ঠিত চিন্তন শিবিৰত চৰকাৰে ব্যয় কৰিলে ১.৮৫ কোটি টকা