আজিৰে পৰা খুলিছে শিক্ষানুষ্ঠান

স্মৃতি প্ৰিয়া লাহন, টীয়ক: হাইস্কুল শিক্ষান্ত চুড়ান্ত পৰীক্ষাত নবহাকৈয়ে বিদ্যালয়ৰ চুড়ান্ত দেওনা পাৰ হোৱা ছাত্ৰ ছাত্ৰী সকলৰ একাদশ শ্ৰেণীৰ নিয়মীয়া পাঠদান আজিৰ পৰা সমগ্ৰ ৰাজ্যতে আৰম্ভ হৈছে।

চুড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈয়ো নিজ নিজ পচন্দৰ মহবিদ্যালয় কনিষ্ঠ মহাবিদ্যালয়ত নাম ভৰ্তি কৰাৰ পাছতো প্ৰায় তিনিমাহ অনলাইন যোগে পাঠদান অব্যাহত থকাৰ পাছত বৰ্তমান চৰকাৰে কভিড পৰিস্থিতি নিয়ন্ত্ৰণ হোৱাত নতুন এছ অ পি মতে সমগ্ৰ ৰাজ্যতে ১৯ অক্টোবৰৰ পৰা নিদিৰ্ষ্ট কভিড বিধি অৱলম্বন কৰি শ্ৰেণীকোঠা খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

টীয়কৰ অন্যতম শিক্ষানুষ্ঠান ৰেণু বড়া মেমৰিয়েল একাডেমি নামৰ কনিষ্ঠ মহাবিদ্যালয়খনে চৰকাৰী নিৰ্দেশনা মৰ্মে সম্পূৰ্ণ কভিড বিধি মানি আজিৰ পৰা আৰম্ভ কৰিছে একাদশ শ্ৰেণীৰ নিয়মীয়া পাঠদান।মহাবিদ্যালয়ৰ প্ৰবেশদ্বাৰতে চেনিটাইজাৰৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ছাত্ৰ ছাত্ৰী সকলৰ বাবে মাস্ক পৰিধান বাধ্যতামূলক কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখিবলৈ সকলোকে আহ্বান জনাইছে।

উল্লেখযোগ্য যে ইতিমধ্যে মহাবিদ্যালয়খনৰ শিক্ষক কৰ্মচাৰী সকলোৱে ভেকচিন গ্ৰহণ কৰিছে আৰু পৰৱৰ্তী সময়ত ছাত্ৰ ছাত্ৰী সকলৰ বাবেও ভেকচিনৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰলৈ আহ্বান জনাইছে।লগতে কভিডৰ ভয়ংকৰ সক্ৰমণৰ পৰা পৰিত্ৰাণ পাবলৈ ছাত্ৰ ছাত্ৰী সকলে নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ নিজে উপলব্ধি কৰিবলৈ আহ্বান জনোৱাৰ লগতে এই ক্ষেত্ৰত অভিভাৱক সকলকো সজাগ হ’বলৈ আহ্বান জনাইছে কনিষ্ঠ মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষই।

লগতে পঢ়ক- ধিঙৰ অতুলে তিনিজন নহয় চাৰিজন উঠিব পৰা স্কুটাৰেই বনালে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply