নিউজ ডেস্ক : ৰাজ্য চৰকাৰৰ নতুন এছ অ’ পি অনুসৰি অহা ৬ ছেপ্টেম্বৰৰ পৰা শিক্ষানুষ্ঠান সমূহত পুনৰ পাঠদান আৰম্ভ হ’ব। ক’ভিডসৃষ্ট পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ অহাৰ পিছতে চৰকাৰে শিক্ষানুষ্ঠান পুনৰ মুকলি কৰি পাঠদান আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে। অৱশ্যে শিক্ষানুষ্ঠান পুনৰ মুকলি কৰাৰ ক্ষেত্ৰত চৰকাৰে বিশেষ নীতি-নিৰ্দেশনা ঘোষণা কৰিছে।

নতুন এছ অ’ পিত স্নাতকোত্তৰ বা সমপৰ্যায়ৰ পাঠ্যক্ৰম, স্নাতক বা সমপৰ্যায়ৰ পাঠ্যক্ৰম আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ক্ষেত্ৰত শ্ৰেণীকোঠাত পাঠদান পৰ্ব মুকলিত অনুমতি দিছে ৰাজ্য চৰকাৰে। অৱশ্যে একোটা শ্ৰেণীকক্ষত সৰ্বাধিক ৩০ গৰাকী ছাত্ৰ-ছাত্ৰীয়েহে একেলগে পাঠগ্ৰহণ কৰিব পাৰিব। শিক্ষানুষ্ঠানৰ মূৰব্বীয়ে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অনুসৰি প্ৰয়োজন হোৱাকৈ অতিৰিক্ত শ্ৰেণীকক্ষৰ ব্যৱস্থা কৰিব লাগিব।

স্নাতকোত্তৰ বা সমপৰ্যায়ৰ পাঠ্যক্ৰম, স্নাতক সমপৰ্যায়ৰ পাঠ্যক্ৰম আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পাঠগ্ৰহণৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে কমেও এপালি ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰাটো বাধ্যতামূলক। উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ক্ষেত্ৰত ১৮ বছৰৰ অনুৰ্দ্ধ ছাত্ৰ-ছাত্ৰীসকলে ক’ভিড প্ৰতিষেধক অবিহনেই শ্ৰেণীকোঠাত পাঠগ্ৰহণ কৰিব পাৰিব যদিও ইতিমধ্যে ১৮ বছৰ হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলে ক’মেও এপালি প্ৰতিষেধক ল’লেহে শ্ৰেণীকোঠালৈ আহিব পাৰিব। বৃহস্পতিবাৰৰ পৰা প্ৰথম তিনিদিনত এই শিক্ষানুষ্ঠানসমূহৰ অধ্যাপক-শিক্ষক, কৰ্মচাৰী আৰু ১৮ বছৰ ঊৰ্দ্ধৰ ছাত্ৰ-ছাত্ৰী সকলে ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰাটো শিক্ষানুষ্ঠান কৰ্তৃপক্ষই সুনিশ্চিত কৰাৰ উপৰি শিক্ষানুষ্ঠান চৌহদ তথা শ্ৰেণীকোঠাৰ পৰিষ্কাৰ-পৰিচ্চন্নতাৰ লগতে বীজাণুনাশনৰ ব্যৱস্থা কৰিব লাগিব।

লগতে পঢ়ক : নতুন SOP মতে আজিৰে পৰা কি কি নতুন নিয়ম কাৰ্যকৰী কৰিলে

শ্ৰেণীকোঠাত পাঠদান প্ৰক্ৰিয়া অহা ৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব গতিকে স্নাতকোত্তৰ বা সমপৰ্যায়ৰ পাঠ্যক্ৰমৰ চূড়ান্ত বৰ্ষ, স্নাতক বা সমপৰ্যায়ৰ পাঠ্যক্ৰমৰ চূড়ান্ত বৰ্ষ আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ এই পাঠদানৰ বাবে হোষ্টেল মুকলি কৰাৰ অনুমতি প্ৰদান কৰিছে চৰকাৰে নতুন এছ অ’ পতি।অৱশ্যে হোষ্টেলত ছাত্ৰ-ছাত্ৰী থাকিবলৈ হ’লে ক’ভিড প্ৰতিষেধক লোৱাটো বাধ্যতামূলক। দুয়োপালি ক’ভিড প্ৰতিষেধক লোৱা ছাত্ৰ-ছাত্ৰীয়েহে হোষ্টেলত থাকিব পাৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply