গুৱাহাটী : পূজাৰ পিছত বিদ্যালয় মুকলি কৰাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ ঘোষণা পূজাৰ পিছত বিদ্যালয় সমূহত পুনৰ আৰম্ভ কৰা হ’ব পাঠদান। অৱশ্যে পাঠদান আৰম্ভ কৰা সন্দৰ্ভত চৰকাৰে এক বিশেষ এছ অ পি প্ৰকাশ ।
ৰাজ্যৰ ক’ভিডসৃষ্ট পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহাত ৰাজ্য চৰকাৰে দীর্ঘদিন ধৰি পাঠদান বন্ধ হৈ থকা বিদ্যালয় সমূহত পুনৰ পাঠদান আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। পাঠদান পুনৰ আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে। দুৰ্গা পূজাৰ পিছত বিদ্যালয় সমূহত পাঠদান আৰম্ভ কৰাৰ ঘোষণা কৰিছে শিক্ষামন্ত্ৰী গৰাকীয়ে।
শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে এই সন্দৰ্ভত কয় যে পূজাৰ পিছত বিদ্যালয় সমূহ পুনৰ মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। প্ৰথম অৱস্থাত সপ্তাহত তিনিদিনকৈ পাঠদান চলিব বিদ্যালয় সমূহত। একাদশ শ্ৰেণীৰ পাঠদান আৰম্ভ হ’ব ১৯ অক্টোবৰৰ পৰা।
১ অক্টোবৰৰ পৰা নবম শ্ৰেণীৰ পাঠদান আৰম্ভ হ’ব। আনহাতে অষ্টম শ্ৰেণী আৰু তলৰ শ্ৰেণী সমূহৰ পাঠদান পূজাৰ বন্ধ খোলাৰ পিছতেই আৰম্ভ হ’ব। সকলো ক’ভিড প্ৰট’কল মানি বিদ্যালয় সমূহত পাঠদান হ’ব বুলিও কয় শিক্ষামন্ত্ৰী গৰাকীয়ে।
সোমবাৰ, বুধবাৰ, শুক্ৰবাৰে প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ পাঠদান হ’ব। মঙলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ পাঠদান হ’ব। বিদ্যালয়ৰ প্ৰধান শিক্ষকে সকলো Covid-19 প্ৰট’কল মানি চলাটো নিশ্চিত কৰিব লাগিব। এটা ক্লাছত ৩০ জনতকৈ অধিক শিক্ষাৰ্থী থাকিব নোৱাৰিব।
লগতে পঢ়ক : খুমটাই কৃষি বিজ্ঞান কেন্দ্ৰত প্রধানমন্ত্ৰীৰ লগত কৃষক সকলৰ আলোচনা
বিদ্যালয় সমূহত পুনৰ পাঠদান আৰম্ভ কৰা সন্দৰ্ভত শিক্ষা বিভাগে প্ৰকাশ কৰিলে বিদ্যালয় খোলাৰ SOP । উল্লেখ্য যে ক’ভিডসৃষ্ট পৰিস্থিতিৰ বাবে দীর্ঘদিন ধৰি বিদ্যালয় সমূহ বন্ধ হৈ আছে।