আৰম্ভ হৈছে দশম শ্ৰেণীৰ পাঠদান

নিউজ ডেস্ক: দীৰ্ঘদিনৰ অন্তত আজিৰ পৰা আৰম্ভ হৈছে দশম শ্ৰেণীৰ পাঠদান ।

সেয়ে বিদ্যালয় সমূহত গ্ৰহণ কৰিছে বিশেষ সতৰ্কতামূলক ব্যৱস্থা ।

টীয়কৰ আগশাৰীৰ বিদ্যালয় টীয়ক জ্যোতি বিদ্যাপীঠৰ ছাত্র-ছাত্ৰী সকল দীৰ্ঘদিনৰ মূৰত নিজৰ আপোন বিদ্যালয় খনলৈ আহি লগৰীয়া সকলক লগ পোৱাত স্বাভাৱিকতে উৎফূল্লিত হৈ পৰিছে।

বিদ্যালয়ৰ প্ৰবেশদ্বাৰতে হাত ধোৱা উষ্ণতা জোখা আদিৰ ব্যৱস্থা কৰাৰ লগতে শ্ৰেণীত পাঠদানৰ পূৰ্বে ছাত্ৰ ছাত্ৰী সকলক কভিড সজাগতাৰ সন্দৰ্ভত এক সভা আয়োজন কৰে।

বিদ্যালয় সমূহৰ চৌহদ,শ্ৰেণী কোঠা আদিত চেনিটাইজেশ্বন কৰাৰ উপৰি কভিড প্ৰটকলৰ বাবে চৰকাৰে নিৰ্দেশনা দিয়া অনুযায়ী সকলো খিনি মানি পাঠদান আৰম্ভ কৰিছে ।

কামপৰতো আৰম্ভ হ’ল দশম শ্ৰেণীৰ পাঠদান

কামপৰতো আৰম্ভ হ’ল দশম শ্ৰেণীৰ পাঠদান। দীঘলীয়া বন্ধৰ অন্তত খোল খালে বিদ্যালয় সমূহ। কোভিড সংক্ৰমণ কিছু হ্ৰাস হোৱাত বন্ধ হৈ থকা কামপুৰ উচ্চ বালিকা বিদ্যালয়তো দেখা গল এনে পৰিবেশ।

বিদ্যালয়ৰ ছাত্ৰী , অভিভাৱক আৰু বিদ্যালয় কৰ্তৃপক্ষৰ মাজত আনন্দৰ পৰিবেশ।বিদ্যালয়ৰ কৰ্তৃপক্ষই ছাত্ৰী সকলক এক সুন্দৰ বাতাবৰণত কোভিড প্ৰটকল ৰক্ষা কৰি পাঠ দানৰ বাবে ব্যৱস্থা কৰি তুলিছে।

লগতে পঢ়ক গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত কি চলিছে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,022 other subscribers

Leave a comment

Leave a Reply