মানকাচৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ অন্তৰ্গত দক্ষিণ শালমাৰা শিক্ষা খণ্ডত বিষয়াৰ চৰম অৰাজকতা দেখিবলৈ পোৱা গৈছে। শিক্ষা খণ্ডটোত বিদ্যালয় পৰিচালনা কমিটি অবিহনে চলি আছে একাংশ বিদ্যালয়৷ শিক্ষা খণ্ড বিষয়াৰ ছত্ৰছায়াত এনে ধৰণৰ অৰাজকতা চলি থকাৰ অভিযোগ উত্থাপন হৈছে।

উল্লেখ্য যে দক্ষিণ শালমাৰাৰ শিক্ষা খণ্ডৰ অন্তৰ্গত বৰৰাভাটাৰী এম ভি স্কুলত দীৰ্ঘদিন ধৰি নাই ৰাইজৰ দ্বাৰা গঠিত পৰিচালনা কমিটি৷ ৰাইজৰ চকুত ধুলি দি শিক্ষা খণ্ড বিষয়া আব্দুল লতিফ ভূঞা নিৰ্দ্দেশত প্ৰধান শিক্ষক অজয় কুমাৰ শাহাই ব্যাপক অৰাজকতা চলাই থকাৰ অভিযোগ উত্থাপন হৈছে।

স্থানীয় ৰাইজ, ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক আৰু ভাৰতীয় জনতা পাটিৰ ফকিৰগঞ্জ মণ্ডলৰ যুৱ মৰ্চাৰ সম্পাদকৰ অভিযোগ মতে ছুৰতজামালে শিক্ষা খণ্ড বিষয়া আব্দুল লতিফ ভূঞাৰ ছত্ৰছায়াত যোৱা ৫-৬ বছৰৰ পৰা প্ৰধান শিক্ষকে ৰাইজৰ চকুত ধুলি দি অনিয়মিতভাৱে বিদ্যালয়ত পাঠদান চলোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীক এমাহত দুদিন বা তিনিদিন মধ্যাহ্নভোজনৰ অহাৰ প্ৰদান কৰি বাকী দিনবোৰৰ চাউল আৰু টকা বিষয়াৰ লগত মিলি আত্মসাৎ কৰি আহিছে৷

আৰু পঢ়কঃ অহা জুন মাহৰ ৮ বা ৯ তাৰিখে সৰুসজাই ষ্টেডিয়ামৰ ক’ভিড হাস্পতালখন শুভাৰম্ভ কৰা হ’ব

আনহাতে বিদ্যালয়খনৰ নামত যোৱা ৫-৬ বছৰত গৃহ নিৰ্মাণ আৰু অন্যান্য চৰকাৰী উন্নয়ন মুলক আচঁনিৰ নামত অহা ধন দুৰ্নীতি কৰি আত্মসাৎ কৰা হৈছে বুলিও অভিযোগ উত্থাপন কৰিছে যুৱ মৰ্চাৰ সম্পাদক গৰাকীয়ে। এই ক্ষেত্ৰত তদন্তৰ বাবে বিভাগীয় মন্ত্ৰীৰ লগতে মূখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্বশৰ্মাৰ হস্তক্ষেপৰ দাবী জনাইছে বিজেপিৰ ফকিৰগঞ্জ মণ্ডলৰ যুৱ মৰ্চাৰ সম্পাদক ছুৰতজামালে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply