গুৱাহাটী : ১ ছেপ্টেম্বৰৰ পৰা ৰাজ্যত পুনৰ খুলিব বিদ্যালয়। ১ ছেপ্টেম্বৰ পৰা পুনৰ পাঠদান আৰম্ভ হ’ব বিদ্যালয়ত। শিক্ষামন্ত্ৰীয়ে জানিবলৈ দিয়ে ১ ছেপ্টেম্বৰৰ পৰা বিদ্যালয় পুনৰ আৰম্ভ হোৱাৰ কথা।

শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কয় যে ৰাজ্যৰ ক’ভিড পৰিস্থিতি উন্নত হ’লে ১ ছেপ্টেম্বৰ পৰা বিদ্যালয়ত পুনৰ পাঠদান আৰম্ভ হ’ব। প্ৰথম অৱস্থাত নৱম-দশম আৰু একাদশ-দ্বাদশ শ্ৰেণীৰ পাঠদান আৰম্ভ কৰা হ’ব।

লগতে পঢ়ক : বিদ্যালয়ৰ চৌহদৰ ভিতৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বৰিং

শিক্ষামন্ত্ৰী গৰাকীয়ে লগতে জানিবলৈ দিয়ে যে পাঠদান পুনৰ আৰম্ভ কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰা হৈছে। পৰৱৰ্তী সময়ত স্বাস্থ্য বিভাগৰ লগত আলোচনাত মিলিত হৈ সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলিও কয় শিক্ষামন্ত্ৰীয়ে।

এই সন্দৰ্ভত সংবাদমাধ্যমৰ আগত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয়, “ৰাজ্যত ক’ভিড পৰিস্থিতি উন্নত হৈছে। মুখ্যমন্ত্ৰীৰ সৈতেও এই সন্দৰ্ভত আলোচনা কৰা হৈছে। অহা ১ ছেপ্টেম্বৰৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ পৰ্যায়ক্ৰমে খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বিশেষকৈ নৱম-দশম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীসমূহ যাতে প্ৰণালীবদ্ধ ভাৱে খুলিব পৰা যায়, তাৰ বাবে এটা নিৰ্দিষ্ট এছঅ’পি প্ৰস্তুত আৰম্ভ হৈছে।”

এইবাৰ বহু সংখ্যক ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হ’ব বুলি বহু জিলাত ৰাতিটোৰ ভিতৰতে কাঠফুলাৰ দৰে জুনিয়ৰ কলেজ স্থাপন কৰিছে। গতিকে চৰকাৰীভাৱে স্বীকৃতি নথকা বিদ্যালয়ত নামভৰ্তি নকৰি এইবাৰ উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক চৰকাৰী বিদ্যালয়তেই নামভৰ্তি কৰাৰো আহ্বান জনায় শিক্ষামন্ত্ৰীগৰাকীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply