গুৱাহাটীঃ গ্ৰামাঞ্চলৰ মহিলাসকল আৰ্থিকভাৱে স্বাৱলম্বী হোৱাত সহায় হ’বলৈ অসম ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযানৰ অধীনত কৃষি সখী, বেংক সখী, বীমা সখী, পশু সখীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ ৬,৬৭০ গৰাকী মহিলাক বিতৰণ কৰা হয় স্কুটাৰ।

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দেওবাৰে আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ে বিতৰণ কৰে স্কুটাৰসমূহ।

এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ”গ্ৰামাঞ্চলৰ মহিলাসকল আৰ্থিকভাৱে স্বাৱলম্বী নোহোৱালৈকে অসমক দেশৰ অন্যতম উন্নত ৰাজ্যলৈ ৰূপান্তৰিত কৰাৰ আমাৰ লক্ষ্য বাস্তৱত পৰিণত নহয়। মই নিশ্চিত যে মহিলাসকলৰ মাজত অৰ্থনৈতিক সৱলীকৰণৰ বাৰ্তা প্ৰচাৰ কৰাত সখীসকলে তেওঁলোকক প্ৰদান কৰা বাহনসমূহ সঠিক ধৰণে ব্যৱহাৰ কৰিব।”

উল্লেখ্য যে,২০১১ চনত আৰম্ভ হৈছিল অসম ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযানৰ। এই অভিযানে বৰ্তমান ৩ লাখতকৈ অধিক আত্মসহায়ক গোটক বিভিন্ন ক্ষেত্ৰত আগুৱাই লৈ গৈছে।

শংকৰদেৱ কলাক্ষেত্ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত উক্ত অনুষ্ঠানত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, সাংসদ কুইন ওজা, অতুল বৰা আৰু চৰকাৰৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply