ফাইল ফটো

সৰুসজাইত নিৰ্মাণ কৰা DRDO হাস্পতালখনত SCRUB TYPHUS ৰোগত আক্ৰান্ত হৈছে চিকিৎসক নাৰ্চ সহ মুঠ চাৰিগৰাকী লোক। ইয়াৰে ভিতৰত আছে কোভিড ৰোগীও।

চিকিৎসালয়খনত নতুনকৈ দেখা দিয়া ৰোগৰ ফলত  তৎক্ষণিকভাবে ৰোগীসকলক স্থানন্তৰ সিদ্ধান্ত লৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগে ৷

DRDO হাস্পতালৰ অধীক্ষক ডাঃ ৰাজপ্ৰতীম দাসো আক্ৰান্ত হৈছে SCRUB TYPHUSত৷

জৰুৰী ভাবে DRDO ক’ভিড হাস্পতালৰ পৰা GMCHলৈ স্থানান্তৰ কৰা হৈছে ৪০ গৰাকী ক’ভিড ৰোগীক৷

চলিত বৰ্ষৰ ১০ জুনত উদ্বোধন কৰা হৈছিল অত্যাধুনিক হাস্পতালখন ৷
এতিয়াৰে পৰা সৰুসজাই পৰিৱৰ্তে ক’ভিড ৰোগীৰ চিকিৎসা চলিব গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ৷

হাস্পতালখনত দেখা দিয়া এই নতুন ৰোগৰ আঁৰত কদৰ্য্যময় পৰিবেশ, লেতেৰা তথা অস্বাস্থ্যকৰ পৰিবেশ বুলি অভিহিত কৰিছে ৷

GMCH ৰ অধীক্ষক অভিজিত শৰ্মাই অবশ্যে এই সম্পৰ্কে কোনো মন্তব্য কৰাৰ পৰা বিৰত আছে ৷

লগতে পঢ়ক ৯০০ টা নতুন চৰকাৰী পদ সৃষ্টিৰ সিদ্ধান্ত অসম চৰকাৰৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply