তেজপুৰঃ বালিপাৰাৰ খনামুখত জীয়াভৰলী নৈত বৈদ্যুতিক তাৰত লাগি এছ ডি আৰ এফ জোৱান গুৰুতৰ ভাৱে আহত।

দেওবাৰে ভালুকপুঙৰ পৰা জীয়াভৰলী নৈত গা ধুবলৈ গৈ সন্ধানহীন হোৱা এজন যুৱকৰ সন্ধান চলাই থকা অৱস্থাত উন্মুক্ত বৈদ্যুতিক তাঁৰত লাগি গুৰুতৰ ভাবে আহত হয় জোৱানজন।

লগতে পঢ়কঃভাদ মহীয়া বানত ডুবিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৭০ শতাংশ অঞ্চল

নৈখনৰ মাজত উন্মুক্ত অৱস্থাত থকা ৪৪০ ভল্টৰ বৈদ্যুতিক তাঁৰত লাগি আহত হোৱা জোৱানজনৰ নাম ললিত মেছ।

জোৱানজনক উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰা হৈছে। জোৱানজন ৰঙাপৰাত কৰ্মৰত আছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply