দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ গুৰুত্বপূৰ্ণ বৈঠক

সোণাৰি : চৰাইদেউ জিলাত দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এখন গুৰুত্বপূৰ্ণ বৈঠক আজি উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অতিৰিক্ত উপায়ুক্ত তথা মুখ্য কাৰ্যবাহী বিষয়া জাভেদ আৰমানৰ পৌৰহিত্যত অনুষ্ঠিত হয়।

বৈঠকত জিলাখনৰ সাপেখাতী, সোণাৰি আৰু মাহমৰা এলেকাৰ ভিতৰৰ দিচাং নদীৰ গৰাখহনীয়া ৰোধৰ যাৱতীয় ব্যৱস্থা ল’বলৈ জলসম্পদ বিভাগৰ ( WRD ) অভিযন্তাক নিৰ্দেশ দিয়াৰ উপৰিও জিলাখনৰ ৪৪ টা বানসাহায্য শিবিৰক তদাৰক কৰিবলৈ জিলাখনৰ ৰাজহ চক্ৰ বিষয়াসকলক বৈঠকত নিৰ্দেশ দিয়া হয়। সাহায্য শিবিৰ সমূহত যাতে কোনো ধৰণৰ বেমেজালি নহয় সেইটো নিশ্চিত কৰিবলৈ বৈঠকত চক্ৰ বিষয়া আৰু কৰ্মচাৰী সকলক বিশেষ ভাৱে আহ্বান জনোৱা হয়।

আজিৰ বৈঠকত জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকলে বিভাগ সমূহে জিলাখনত ৰূপায়ন কৰা বিভিন্ন কামৰ খতিয়ান দাঙি ধৰে। আৰম্ভণিতে জিলা প্ৰকল্প বিষয়া বিজয়লক্ষ্মী গগৈয়ে বৈঠকৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ নডেল বিষয়া নৱ ডেকা আৰু মাৰিয়া খানেও চমু ভাষণ দিয়ে।

বৈঠকত মুখ্য কাৰ্যবাহী বিষয়া জাবেদ আৰমানে জিলাখনত প্ৰাকৃতিক দুৰ্যোগৰ সময়ত ল’ব লগা ব্যৱস্থা সম্পৰ্কে জনোৱাৰ লগতেজিলাখনৰ সমূহ বিষয়া কৰ্মচাৰীক সহায় সহযোগ আগবঢ়াবলৈ আহ্বান জনায়।

আজিৰ বৈঠকত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিদিত দাস, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালিকা নিজৰা দেৱী, অতিৰিক্ত আৰক্ষী অধীক্ষক অমিতাভ বসুমতাৰী, লোক নিৰ্মাণ বিভাগ, জলসিঞ্চন বিভাগ, জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগ, স্কুল সমূহৰ পৰিদৰ্শক কমল গগৈ, শক্তি বিভাগ আদি বিভাগ সমূহৰ বিষয়া কৰ্মচাৰী সকল উপস্থিত আছিল।লগতে পঢ়ক সোণাৰিত পথৰ দুৰৱস্থাই জ্বলাকলা খুৱাইছে ৰাইজক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply