গোৱালপাৰা : তিনি কিশোৰক বিচাৰি ব্ৰহ্মপুত্ৰৰ বুকুত অব্যাহত আছে অভিযান। গোৱালপাৰাত ব্ৰহ্মপুত্ৰৰ বুকুত অভিযান অব্যাহত ৰাখিছে এছডিআৰএফ বাহিনীয়ে। বৰ্তমানলৈকে সফল হোৱা নাই অভিযানকাৰী দলটোৱে।
বুধবাৰৰ দিনটোত গোৱালপাৰাৰ কাছাৰীঘাটত অভিযান চলাই কোনো ধৰণৰ সফলতা লাভ কৰিব নোৱাৰি বৃহস্পতিবাৰে পুৱাৰ ভাগৰ পৰা পুনৰ অভিযান আৰম্ভ কৰে এছডিআৰএফ বাহিনীৰ দলে। অভিযান চলি আছে যদিও সফলতা লাভ হোৱা নাই। এৰিয়াও সন্ধানহীন হৈ আছে তিনি কিশোৰ।
বুধবাৰে দুপৰীয়া গৰমৰ পৰা ৰক্ষা পাবলৈ তিনি কিশোৰ গোৱালপাৰাৰ কাছাৰীঘাটত ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ গৈ সন্ধানহীন হৈছিল। লগীয়াৰ সৈতে ব্ৰহ্মপুত্ৰ নদীত গা ধুই থকা সময়ত হঠাৎ তিনি কিশোৰ নদীত বুকুত সন্ধানহীন হৈ পৰে। নদীৰ পাৰত থকা অন্য এক কিশোৰে ঘটনা সন্দৰ্ভত জানিবলৈ দিয়ে।
লগতে পঢ়ক : সোণাৰিত টাইপাৰ প্ৰতিবাদ
ঘটনাৰ খবৰ পাই আৰক্ষী আৰু এনডিআৰএফ বাহিনীৰ দল ব্ৰহ্মপুত্ৰৰ বুকুত অভিযান আৰম্ভ কৰে যদিও নিশাৰ ভাগলৈকে এজনো কিশোৰ উদ্ধাৰ হোৱা নাছিল। ব্ৰহ্মপুত্ৰত সন্ধানহীন হৈ থকা কিশোৰ তিনিজন ক্ৰমে মুক্তাৰ হুছেইন, নবী ইছলাম আৰু শ্বাহানুৰ ইছলাম। তিনিওৰে ঘৰ গোৱালপাৰা চহৰৰ বৰ পাহাৰত ।