প্ৰতিনিধিত্বমূলক ফটো

গুৱাহাটী : অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত অহা ২৯ ডিচেম্বৰ ২০২১ তাৰিখৰ পৰা ১৯ জানুৱাৰী ২০২২ তাৰিখলৈ গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্রিক প্রতিষ্ঠান খেলপথাৰত ১২ দিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব লগা অসম গ্রন্থমেলা আয়ােজন কৰা হৈছে।

এই গ্রন্থমেলা দৰ্শনৰ সুবিধার্থে গ্রন্থপ্রেমী ৰাইজলৈ ছিজন টিকটৰ ব্যৱস্থা কৰা হৈছে। গ্রন্থমেলাৰ আটাইকেইদিনতে এটা টিকট লৈয়েই দর্শকে প্রৱেশ কৰিব পাৰিব। এই ছিজন টিকটৰ প্রবেশ মূল্য ১০০ টকা আৰু টিকটটো দুগৰাকী দর্শনার্থীৰ বাবে প্রযােজ্য হ’ব।

লগতে পঢ়ক : গীতালি বৰাৰ কাব্য সংকলন ‘নিচুক তৰাৰ দৰে’ উন্মােচন

এই ছিজন টিকটসমুহ দর্শনার্থীয়ে অহা ২৭ ডিচেম্বৰ তাৰিখৰ পৰা এম আৰ পাব্লিকেশন, সৰস্বতী প্লাজা, যশবন্ত পথ, পাণ বজাৰ, গুৱাহাটী-১, কুবেৰ বুক ঠুল, কলেজ হােষ্টেল ৰােড, পাণবজাৰ, গুৱাহাটী, জ্যোতি প্রকাশন, যশােৱন্ত ৰােড, পাণবজাৰ, গুৱাহাটী আৰু জেবিজ’ (উজান বজাৰ) আৰু জেবিজ’ (খ্রীষ্টানবতি)—এই ঠিকনাৰ পৰা সংগ্ৰহ কৰিব পাৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply