মৰাণ: হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষা ২০২১ ৰ পুৰণি প্রশ্ন কাকতেৰে অনুষ্ঠিত কৰিবলৈ লোৱা ‘ছেবা’ৰ সিদ্ধান্তক লৈ চিন্তিত হৈ পৰিছে শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকল। প্ৰথম অবস্থাত এইবাৰৰ পৰীক্ষাত পাঠ্যক্ৰমৰ ৬০ শতাংশহে প্ৰশ্ন আহিব বুলি কোৱা হৈছিল।
কিন্তু শেহতীয়া ঘোষণাত কোৱা হ’ল ২০২১ৰ প্ৰশ্নকাকতৰেই হ’ব পৰীক্ষা।কৰোনাৰ বাবে যোৱাবাৰ পৰীক্ষা পাতিব পৰা নগ’ল আৰু সেই প্ৰশ্নকাকত আৰু উত্তৰবহী এইবাৰ পৰীক্ষাত ব্যবহাৰ কৰিব। যাৰ ফলত এইবাৰ পৰীক্ষা ৭০ শতাংশৰে অনুষ্ঠিত হোৱাতো স্পষ্ট হোৱাত শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী সকলৰ মাজত হাহাকাৰ লাগিছে।
ছাত্ৰ-ছাত্ৰী সকলে ছেবাক ৬০ শতাংশ পৰাহে প্ৰশ্ন যুগুতাবলৈ অনুৰোধ কৰিছে । ইফালে অভিভাৱক সকলে পৰীক্ষাত চৰকাৰে খৰচ কমাবলৈ হঠাৎ পৰীক্ষা আৰম্ভ হ’বলৈ এসপ্তাহ থকাৰ সময়ত এই হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি অভিযোগ কৰিছে ।
তেনে সময়তে ছেবাই পূৰ্বৰ ঘোষণাতকৈ ১০ শতাংশ প্ৰশ্ন ছাত্ৰ-ছাত্ৰী সকলৰ মুৰত জাপি দিয়াত ছাত্ৰ-ছাত্ৰী সকল বিপদত পৰিব বুলি মন্তব্য কৰিছে শিক্ষাগুৰু সকলে । উপায়ন্তৰ হৈ মৰাণ জাতীয় বিদ্যালয়ৰ এগৰাকী ছাত্ৰীৰ মামালৈ অনুৰোধ “আমালৈ কিবা এটা ভাবি ১০ শতাংশতো কমাই দিয়ক আৰু ।” এনেদৰে পৰীক্ষা পাতিলে শিক্ষাৰ্থী সকল মানসিক ভাবেও ভাঙি পৰিব বুলি শংকা শিক্ষকৰ।