গুৱাহাটীঃ কোভিড সংক্ৰমণৰ বাবে ৰাজ্য়ৰ শিক্ষানুষ্ঠান সমূহ বন্ধ হৈ আছে। এই বছৰৰ এপ্ৰিল মাহৰ তৃতীয় সপ্তাহৰ পৰাই অনলাইন মাধ্যমেৰে শ্ৰেণীসমূহ চলি আছে।

এই সময়খিনিত শিক্ষাৰ্থীসকল শিক্ষা আহৰণৰ ক্ষেত্ৰত যথেষ্ঠ ক্ষতিগ্ৰস্থ হৈছে। বহু শিক্ষাৰ্থীয়ে বিভিন্ন সমস্য়াৰ বাবে অনলাইন পাঠদানৰ পৰাও বঞ্চিত হ’ব লগা হৈছে।

সেয়েহে অসম মাধ্যমিক শিক্ষা সংসদে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ২০২১-২২বৰ্ষৰ নৱম আৰু দশম শ্ৰেণীৰ পাঠ্যক্ৰম প্ৰায় ৪০ শতাংশ হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে ।

সংশোধীত পাঠ্যক্ৰম ছেবাৰ ৱেব ছাইট www.sebaonline.org ত উপলব্ধ।

 সংশোধিত পাঠ্যক্ৰম সংশ্লিষ্ট বিদ্যালয়সমূহৰ সকলো পৰিদৰ্শকক পিডিএফত প্ৰদান কৰা হ’ব আৰু এই পিডিএফ ক্ৰমে বিদ্যালয়ৰ প্ৰধান শিক্ষক, নৱম, দশম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ প্ৰেৰণ কৰা হ’ব বুলি এক নিৰ্দেশনা যোগে জনাইছে শিক্ষা সংসদে।

লগতে পঢ়কঃনিবনুৱা যুৱক-যুৱতীসকল চাকৰিমুখী নহৈ কৃষিকৰ্ম কৰিবলৈ আগবাঢ়ি অহাটো শুভ লক্ষণ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply