গুৱাহাটীঃ ক’ৰোনাৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি চিবিএচচিয়ে দশম শ্ৰেণীৰ পৰীক্ষা বাতিল কৰাৰ লগতে দশম শ্ৰেণীৰ পৰীক্ষা স্থগিত ৰখাৰ পিছত হাইস্কুল আৰু হাইমাদ্রাছা শিক্ষান্ত পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিবলৈ এক বিশেষ পৰিকল্পনা যুগুত কৰিছে ছেবা কর্তৃপক্ষই৷
পৰীক্ষার্থীৰ ‘ছীটপ্লেন’ৰ ক্ষেত্রত ছেবাই জাৰি কৰিছে এক নতুন নির্দেশনা৷‘এছ’ প্লেন পদ্ধতিৰ জৰিয়তে পৰীক্ষার্থীসকলক পৰীক্ষাগৃহত আসনৰ ব্যবস্থা কৰিবলৈ ওলাইছে ৷
প্রতিটো পৰীক্ষা কেন্দ্রৰ প্রথম বেঞ্চত দুজন পৰীক্ষার্থী, দ্বিতীয়খন বেঞ্চত এজন পৰীক্ষার্থী আৰু তাৰ পিছৰ বেঞ্চত দুজন, এইধৰণে পৰীক্ষার্থীসকলে বহিব লাগিব৷ তদুপৰি পৰীক্ষা অনুষ্ঠিত হ’বলগীয়া প্রতিটো কেন্দ্রৰ দায়িত্বত থকা শিক্ষক–নিৰীক্ষকে প্রতিষেধক লোৱাটো বাধ্যতামূলক৷
আনহাতে ক’ভিডৰ বাবে ছেবাই প্রতিটো পৰীক্ষা কেন্দ্রলৈ মাস্ক, ছেনিটাইজাৰৰ বাবে প্রতিগৰাকী পৰীক্ষার্থীৰ বিপৰীতে ২৫ টকাকৈ দিব ছেবাই৷ উল্লেখ্য যে অহা ১১ মে’ৰ পৰা ৩ জুনলৈ অনুষ্ঠিত হ’ব হাইস্কুল আৰু হাইমাদ্ৰাছাৰ চূড়ান্ত পৰীক্ষা৷
আনহাতে, ২০২১–২০২২ বর্ষৰ বাবে ছেবাই মুকলি কৰিছে শৈক্ষিক কেলেণ্ডাৰ৷ ডিজিটেল পদ্ধতিৰ জৰিয়তে প্রকাশ কৰা এই কেলেণ্ডাৰ মুকলি কৰে ছেবাৰ অধ্যক্ষ ৰমেশ চান্দ জৈন আৰু সচিব সুৰঞ্জনা সেনাপতিয়ে৷ নতুন শৈক্ষিক কেলেণ্ডাৰ অনুসৰি ছেবাৰ অধীনস্থ বিদ্যালয়সমূহৰ শিক্ষকসকলে ছাত্র–ছাত্রীৰ বাবে পাঠ যুগুতোৱাৰ দায়িত্ব দিয়া হৈছে৷ তদুপৰি শৈক্ষিক কেলেণ্ডাৰ অনুসৰি অনুষ্ঠিত কৰিব লাগিব ছয়মাহিলি, বছৰেকীয়া আৰু গোট পৰীক্ষা৷