নিউজ ডেস্কঃ অসম মাধ্যমিক শিক্ষা পৰিষদে ৭ মাৰ্চত জাৰি কৰিছে এক গুৰুত্বপূৰ্ণ জাননী। ২০২২চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ সন্দৰ্ভত এই জাননী জাৰি কৰিছে ছেবাই। এই জাননীত উল্লেখ কৰা মতে, ২০২১চনত ছপা হোৱা প্ৰশ্নকাকত আৰু উত্তৰ বহী ২০২২ত অনুষ্ঠিত হ’বলগীয়া মেট্ৰিক-হাইমাদ্ৰাছা পৰীক্ষাত ব্যৱহাৰ কৰা হ’ব।
ছেবাই উল্লেখ কৰিছে যে, ২০২১চনত কোৰোনা সৃষ্ট পৰিৱেশ-পৰিস্থিতিৰ বাবে মেট্ৰিক আৰু হাইমাদ্ৰাছা পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। বৰ্ষটোত ছাত্ৰ-ছাত্ৰীসকলক মেট্ৰিক-হাইমাদ্ৰাছাৰ ফলাফলত এক বিশেষ মূল্যাংকন পদ্ধতিৰে প্ৰদান কৰা হৈছিল নম্বৰ।

পৰীক্ষা বাতিল কৰাৰ ফলত উক্ত বৰ্ষটোত ছপা কৰা প্ৰশ্নকাকত-উত্তৰ বহীসমূহ এতিয়াও অব্যৱহৃত হৈ আছে আৰু নতুনকৈ প্ৰশ্নকাকত তথা উত্তৰ বহী ছপা মানে সামগ্ৰীৰ অপব্যয় হ’ব বুলি উল্লেখ কৰি এই সিদ্ধান্ত লোৱা কথা জাননী যোগে ঘোষণা কৰিছে অসম মাধ্যমিক শিক্ষা পৰিষদে। উল্লেখ্য যে, অহা ১৫ মাৰ্চ, ২০২২ৰ পৰা আৰম্ভ হ’ব মেট্ৰিক পৰীক্ষা। আৰু ৩১ মাৰ্চ, ২০২২ তাৰিখে সমাপ্ত হ’ব।