২০২১ বৰ্ষত ছপা কৰা প্ৰশ্নকাকত আৰু উত্তৰ বহীৰে হ’ব এইবাৰৰ মেট্ৰিক আৰু হাই মাদ্ৰাছা পৰীক্ষা।ছেবাৰ এই ঘোষণাৰ পাছতে ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক আৰু অভিভাবক মাজত একপ্ৰকাৰ হাহাকাৰ। কাৰণ পূৰ্বতে মেট্ৰিক আৰু হাই মাদ্ৰাছা পৰীক্ষা সন্দৰ্ভত ছেবাই পাঠ্যক্ৰমৰ ৬০ শতাংশহে প্ৰশ্ন আহিব বুলি জনোৱাৰ পিছত শেহতীয়া নিৰ্দেশত ৭০ শতাংশ নম্বৰৰ প্ৰশ্ন আহিব বুলি কোৱা হৈছে।ইয়াকে লৈ হোৱা বিতৰ্ক আৰু প্ৰতিক্ৰিয়াৰ পাছত এইবাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ আজি শিলচৰত গুৰুত্বপূৰ্ণ মন্তব্য।
মন্ত্ৰীগৰাকীয়ে সকলোৰে মাজত এই বিষয় লৈ চলি থকা চৰ্চাক লৈ কয় যে,”প্ৰশ্ন কাকত সন্দৰ্ভত পৰীক্ষাৰ্থীয়ে ভয় কৰাৰ কোনো কাৰণ নাই।৪০ শতাংশ পাঠ্যক্ৰম কৰ্তনেৰে কেৱল ৬০ শতাংশ পাঠ্যক্ৰমেৰেই অনুষ্ঠিত হব এইবাৰৰ পৰীক্ষা।বিগত বৰ্ষতো সেই একেই ৬০ শতাংশ পাঠ্যক্ৰমৰ ওপৰতেই প্ৰশ্ন কাকত আছিল।

আনহাতে ছেবাৰ ফালৰ পৰা সংবাদমেল পাতি সচিব নৰনাৰায়ন নাথে কয়, “যোৱা বৰ্ষত পৰীক্ষা নহল,আমি কেৱল বহী পঠাইছিলোঁ, কিন্তু প্ৰশ্ন কাকত পঠিওৱা নাছিলোঁ।৩০ শতাংশ আমি কৰ্তন কৰিছিলোঁ প্ৰথম পৰ্যায়ত ।পিছত ৪০ শতাংশ আমি কৰ্তন কৰিছিলোঁ। এইবাৰ ২০২২ ৰ পৰীক্ষাৰ যি প্ৰশ্ন কাকত সেয়া ৪০ শতাংশ কৰ্তনৰ প্ৰশ্ন কাকত হ’ব।”

এইবাৰ পৰীক্ষাত ৪লাখ৩১হাজাৰ পৰীক্ষাৰ্থী আছে। যাৰ বাবে ২৭ লাখ বহী আৰু ৬০ লাখ অতিৰিক্ত ছিট কাগজৰ প্ৰয়োজন। যাৰবাবে যোৱা বৰ্ষৰ বহী প্ৰশ্নকাকত ব্যবহাৰ কৰা হৈছে। ছেবাৰ সচিব গৰাকীয়ে আৰু কয়,
“প্ৰশ্ন কাকত সমূহ ইয়াতে আছিল,আমি পঠিওৱা নাছিলোঁ,বৈজ্ঞানিক ভাবে সংৰক্ষণ কৰা হৈছিল।”

অবশ্যে শেহতীয়া অধিসূচনাটো জনাওঁতে অলপ পলম হ’ল আমি সময়ত জনাব নোৱাৰিলোঁ বুলি কয় ছেবাৰ সচিবে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply