নিউজ ডেস্কঃ পৰীক্ষা কেন্দ্ৰৰ তত্বাৱধায়ক তথা শিক্ষা বিষয়ালৈ ছেবাই দিছে জৰুৰী নিৰ্দেশনা। প্ৰশ্নকাকত ফাদিলৰ হোৱাৰ বাবে এতিয়া নতুকৈ প্ৰেৰণ কৰা হ’ব কেৱল অসমীয়া বিষয়ৰ প্ৰশ্নকাকত। MIL ৰ বাকী বোৰ বিষয়ৰ লগতে ENG(IL) ৰ প্ৰশ্নকাকত থাকিব একেই।

ফাদিল হোৱা অসমীয়া প্ৰশ্নকাকত সমূহক থানাৰ পৰা পৰীক্ষা কেন্দ্ৰৰ তত্বাৱধায়ক তথা শিক্ষা বিষয়াক চমজি নল’বলৈ নিৰ্দেশনা প্ৰদান কৰিছে ছেবাই । থানালৈ গৈ OC, পৰীক্ষা কেন্দ্ৰত নিয়োজিত বিষয়া আৰু জ্যেষ্ঠ শিক্ষকৰ উপস্থিতত পুনৰ অসমীয়াৰ প্ৰশ্নকাকতৰ টোপোলা ছীল কৰাৰ নিৰ্দেশ প্ৰদান কৰে।

পিছত ফাদিল হোৱা অসমীয়া প্ৰশ্নকাকতৰ ছীলবন্ধ পেকেটসমূহ ছেবাই সংগ্ৰহ কৰিব । শুকুৰবাৰে ৰাজ্যৰ স্কুল পৰিদৰ্শকসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্স জৰিয়েতে এই ছেবাই নিৰ্দেশনা প্ৰদান কৰে।

উল্লেখযোগ্য যে, আজি অনুষ্ঠিত হ’বলগীয়া অসমীয়া পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে পৰীক্ষা বাতিলৰ ঘোষণা SEBA কৰিছিল । যাৰ বাবে অসমীয়াৰ লগতে অনুষ্ঠিত হ’বলগীয়া MIL ৰ সকলো বিষয়ৰ লগতে ENG(IL) ৰ পৰীক্ষা অহা ১ এপ্ৰিল অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰে ছেবাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply