মানকাচৰ – সদৌ অসম গৃহৰক্ষী সন্থাৰ কৰ্মবিৰতি আন্দোলনৰ দ্বিতীয় দিন। সমান কামৰ সমান মৰ্যাদা প্ৰদান নকৰিলে বিধানসভাৰ নিৰ্বাচন বর্জন কৰাৰ হুংকাৰ। গৃহৰক্ষী জোৱানসকলৰ পৰিয়ালৰ ভোট বৰ্জন কৰাৰ সিদ্ধান্ত।

অসম গৃহৰক্ষী জোৱান সকলৰ চাকৰি নিয়মীয়া কৰি দৰমহা বৃদ্ধি কৰাৰ দাবীত সোমবাৰৰ পৰা সদৌ অসম গৃহৰক্ষী সন্থাই কৰ্মবিৰতি আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিছে। সদৌ অসম গৃহৰক্ষী সন্থাৰ আহ্বানত দক্ষিণ শালমাৰা মানকাচৰ জিলা গৃহৰক্ষী সন্থাই সোমবাৰে কৰ্মবিৰতি কৰি জিলাৰ সদৰ হাটশিঙিমাৰী প্ৰেক্ষাগৃহৰ সম্মুখত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে।

মঙলাবাৰে দ্বিতীয় দিনাও গৃহৰক্ষী জোৱান সকলে কৰ্মবিৰতি কাৰ্যসূচী চলাই থকা পৰিলক্ষিত হৈছে। জিলা গৃহৰক্ষী সন্থাৰ সভাপতি ছফিউৰ ৰহমান কয় যে আমাৰ চাকৰি নিয়মীয়া কৰি সমান কামৰ সমান দৰমহা দিয়াৰ ব্যৱস্থা কৰক। সমান কামৰ সমান দৰমহা, গৃহৰক্ষী জোৱানসকলৰ চাকৰি নিয়মীয়াকাৰণ নকৰিলে আমি সদৌ অসম গৃহৰক্ষী সন্থাই আগন্তক বিধানসভাৰ নিৰ্বাচন বৰ্জন কৰিম বুলিও জিলা গৃহৰক্ষী সন্থাৰ সভাপতি গৰাকীয়ে হুংকাৰ দিয়ে।

উল্লেখ্য যে, সোমবাৰৰ পৰা ৰাজ্যজুৰি গৃহৰক্ষী সন্থাই কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ন কৰি প্ৰতিবাদ অব্যাহত ৰাখিছে। গৃহৰক্ষী জোৱানসকলৰ চাকৰি নিয়মীয়াকাৰণ, দৰমহা বৃদ্ধিৰ লগতে অন্যান্য সমস্যা সমূহৰ সমাধানৰ দাবীত গৃহৰক্ষী জোৱানসকলে দুদিনীয়া কাৰ্যসূচীৰে প্ৰতিবাদ অব্যাহত ৰাখিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply