বোকাখাত চাহ বাহিচা। ফটো - ইমানুৱেল বাৰলা

অসমত এইবাৰ চাহ উদ্যোগ খণ্ড যথেষ্ট লোকচানৰ সন্মুখীন হৈছে। এফালে ক’ভিড মহামাৰী আৰু আনফালে ইয়াৰ সমান্তৰালকৈ দেখা দিয়া খৰাং সদৃশ পৰিস্থিতিৰ বাবে চাহৰ উৎপাদন ভালেখিনি হ্ৰাস পাইছে। ক’ভিডৰ দ্বিতীয়টো ধৌত এই পৰ্য্যন্ত ১৫ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ তুলনাত ২০২০ চনত ক’ভিডৰ প্ৰথমটো ধৌত ৩জন চাহ শ্ৰমিকৰ মৃত্যু হৈছিল। ২০২০ চনত কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা ল’কডাউনৰ সময়ছোৱাত ১০ দিনৰ বাবে চাহ বাগিচাসমূহ বন্ধ কৰা হৈছিল।

যোৱা ১৯ মে’কৈ অসমৰ ২২৯খন চাহ বাগিচাত ক’ভিডত আক্ৰান্ত হৈ থকা লোকৰ সংখ্যা হৈছে ১৮৫১ গৰাকী, যিটো সেই দিনটোলৈকে অসমৰ মুঠ ক’ভিড আক্ৰান্তৰ ৩.৮ শতাংশ। ২৬ মে’ত গুৱাহাটী উচ্চ ন্যায়ালয়ে অসমৰ চাহ বাগিচাসমূহত ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই থকা বিষয়টোক লৈ ৰাজ্য চৰকাৰক ৩১ মে’ৰ ভিতৰত এখন বিতং প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। 

ৰাজনৈতিক দল বিলাকে ‘ভোটবেংক’ হিচাপে ব্যৱহাৰ কৰি অহা চাহ বাগানৰ এই মানুহখিনি (অসমৰ মুঠ জনসংখ্যাৰ ১৭ শতাংশ)-ৰ নিৰাপত্তাৰ বাবে ৰাজ্য চৰকাৰ আৰু চাহ বাগানৰ মালিকপক্ষই বিশেষ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি আদিবাসী নেতাসকলে অভিযোগ কৰে। তেওঁলোকৰ মতে, ক’ভিডৰ দ্বিতীয়টো ধৌ চলি থকা সময়ত বাগানবিলাক খোলা ৰখাটোৱে ইয়াৰ প্ৰমাণ।

অসমত প্ৰায় ৮০০ খন সৰু-ডাঙৰ চাহ বাগিচা আছে, কাম বন্ধ কৰি দিলে ইতিমধ্যে বৰষুণৰ অভাৱত লোকচানৰ মোকাবিলা কৰি থকা এই বাগানবিলাক অধিক লোকচানৰ সন্মুখীন হ’ব। এইবাৰ এপ্ৰিলত কলি পাত ছিঙাৰ সময়ত বৰষুণৰ পৰিমাণ ৪৫ শতাংশ হ্ৰাস পাইছিল, যাৰ ফলত চাহপাতৰ উৎপাদন ৬ কোটি কিলোগ্ৰাম হ্ৰাস পাইছিল।

নৰ্থ ইষ্টাৰ্ন টী এছ’চিয়েশ্যন (NETA)-ৰ উপদেষ্টা বিদ্যানন্দ বৰকাকটীয়ে কয়, ‘আমাৰ অধ্যয়ন মতে, ২০১৯ চনৰ তুলনাত ২০২১ চনত জানুৱাৰীৰ পৰী মে’ লৈকে চাহপাতৰ উৎপাদন প্ৰায় ৬ কোটি কিলোগ্ৰাম হ্ৰাস পাইছে। আমি যোৱা বছৰৰ পৰিসংখ্যাৰ সৈতে ইয়াক তুলনা কৰা নাই কাৰণ লকডাউনৰ ফলত ২০২০ চনৰ এই সময়ছোৱাত চাহপাতৰ উৎপাদন ৭.৮ কোটি কিলোগ্ৰাম হ্ৰাস পাইছিল।’  

লকডাউনৰ বাবে ২০২০ চনত ভাৰত চৰকাৰে চাহখণ্ডৰ পৰা ১২১৮ কোটি টকা ৰাজহ হেৰোৱাৰ বিপৰীতে ২০২১ চনত ৯০০ কোটি টকা ৰাজহ হেৰোৱা বুলি বৰকাকটীয়ে জানিবলৈ দিয়ে।

আনহাতে, খৰাঙৰ ফলত দেখা দিয়া চাহপাতৰ নাটনিয়ে ইয়াৰ নিলাম দৰ বৃদ্ধি কৰা দেখা গৈছে। বৰকাকটীয়ে দিয়া হিচাপ মতে, যোৱা মাৰ্চ আৰু এপ্ৰিলত দেশজুৰি ক’ভিডৰ দ্বিতীয়টো ধৌয়ে ব্যাপক ৰূপ ধাৰণ সময়ছোৱাত গুৱাহাটী চাহ নিলাম কেন্দ্ৰত চাহপাতৰ দৰ ৩০.২৮ বৃদ্ধি পায়। ২০১৯ চনৰ এপ্ৰিলৰ পৰা ২০২১ চনৰ এপ্ৰিললৈ নিলামৰ দৰ ৩২ শতাংশ বৃদ্ধি পাইছে যদিও ২০২০-২০২১ চনৰ সময়খিনিত এই দৰ ২৮.৯ শতাংশলৈ হ্ৰাস পাইছিল।   

দুলিয়াজানৰ সমীপৰ জালনি চাহ বাগিচাত এইবাৰ ক’ভিডৰ সংক্ৰমণে ভংয়কৰ ৰূপ লৈছে। ৬ মে’ৰ পৰা সংক্ৰমণ বৃদ্ধি পাবলৈ আৰম্ভ কৰা বাগিচাখনত বৰ্তমান প্ৰায় ২০০ৰ ওপৰত কৰ্মচাৰী আৰু শ্ৰমিক ক’ভিডত আক্ৰান্ত হৈছে।

সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক মনুজ উৰাঙৰ মতে কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষনা কৰাৰ পিছত জালনি আৰু মাইজানত কাম-কাজ বন্ধ কৰা হৈছে যদিও প্ৰায়ভাগ বাগিচাত কোনোধৰণৰ ক’ভিড প্ৰটকল নামানি বাগিচাৰ কাম-কাজ চলাই থকা হৈছে।  

ডুমডুমাৰ লংচোৱাল চাহ বাগিচাত যোৱা দুসপ্তাহতকৈ অধিক দিন ধৰি প্ৰত্যেক দিনা ১০ৰ পৰা ১২টাকৈ ক’ভিড পজিটিভ কেচ ধৰা পৰি আছে। লংচোৱাল কেন্দ্ৰীয় হস্পিতালৰ চিকিৎসক ডাঃ বি কে ফুকনৰ মতে ক’ভিড ৰোগী সকলক চিকিৎসাৰ বাবে ৩০ কিলোমিটাৰৰ আঁতৰৰ তিনিচুকীয়া অসমাৰিক চিকিৎসালয় বা ৮০ কিলোমিটাৰ আঁতৰৰ ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিব লগীয়া হয়।

চিকিৎসক গৰাকীৰ মতে চাহ শ্ৰমিকসকলৰ ঘৰত পৰ্য্যপ্ত জেগাৰ অভাৱত একেটা কোঠাতে ৫-৬জন লোকে বাস কৰিবলগা পৰিস্থিতিৰ বাবে ক’ভিডৰ সংক্ৰমণ অধিক বাঢ়িব ধৰিছে, ইয়াৰ উপৰি সজাগতাৰ অভাৱ আন এই প্ৰধান কাৰণ। বাগিচা অঞ্চলত ক’ভিড টীকাকৰণৰ সজাগতা অভিযান চলাই থকা হয় যদিও শ্ৰমিকসকলে ভেকচিন ল’বলৈ আগবাঢ়ি নাহে।

১০ লাখতকৈ অধিক শ্ৰমিক নিযু্ক্ত হৈ থকা অসমৰ প্ৰায় ৮০০ খন চাব বাগিচাৰ প্ৰত্যেকখনৰে কোনোবা নহয় কোনোবা এটা এলেকা কণ্টেইনমেণ্ট জ’ন। গোটেই ৰাজ্যতে ক’ভিডৰ নিষেধাজ্ঞা বলৱৎ হৈ থকা সত্ত্বেও যোৱা ২৬ এপ্ৰিলত অসম চৰকাৰে এখন জাননী যোগে চাহ বাগিচাসমূহত কাম-কাজ চলাই থকাৰ অনুমতি দিয়ে।

আছাৰ ৰাজ্যিক সম্পাদক দেবেন উৰাঙে ইষ্টম’জ’ক জনোৱা মতে তেওঁৰ গৃহ চহৰ মৰাণৰ সমীপৰ ১২খন চাহ বাগিচাত ১১৭ গৰাকী ক’ভিডত আক্ৰান্ত লোক আছে। উক্ত ১২খন বাগিচাৰ কেৱল চেপন চাহ বাগিচাত ৮২ টা পজিটিভ কেচ আছে।

উৰাংঙৰ মতে তেওঁৰ অঞ্চলটোত বেছিভাগ সংক্ৰমণ বাগিচা পৰিচালকৰ বাংলৌত ৰান্ধনী হিচাপে কাম কৰা শ্ৰমিকবিলাকৰ পৰা আৰম্ভ হৈছিল। ‘তেওঁলোকে কেৱল ৰেপিড এণ্টিজেন টেষ্ট (RAT) কৰাইছিল, তাকো ১২ অন্তৰত। মানুহবিলাকৰ শৰীৰত ক’ভিডৰ লক্ষণ দেখা গৈছিল যদিও কেইবাদিন দিন ধৰি টেষ্ট নকৰাকৈ তেওঁলোকে বাগানত ঘূৰি ফুৰিছিল, যাৰ ফলত সংক্ৰমণ বৃদ্ধি পাইছিল,’ তেওঁ কয়।

ডিব্ৰুগড় জিলাত ক’ভিডৰ প্ৰথম কেচ দেখা দিবলৈ আৰম্ভ কৰা দিন ধৰি ৰাজ্য চৰকাৰৰ সৈতে যোগাযোগ চলাই অহা অসম চাহ মজদুৰ সংঘৰ সভাপতি ঘনশ্যাম বাঢ়ৈৰ মতে, ‘যিহেতু হোম কোৱাৰেনটাইন সম্ভৱপৰ আমি অসমৰ প্ৰত্যেকখন চাহ বাগিচাত পৰ্য্যাপ্ত টেষ্টটিং সুবিধা কোৱাৰেনটাইন কেন্দ্ৰ স্থাপন কৰিবলৈ দাবী জনাই আহিছো।’

অসম চৰকাৰ আৰু চাহ উৎপাদক সংস্থা (Tea Growers’ Association) –এ ক’ভিড পজিটিভ শ্ৰমিকসকলক কোৱাৰেনটাইনত থকা সময়খিনিত ১৫ দিনৰ হাজিৰা দিবলৈ মান্তি হোৱা বুলি বাঢ়ৈয়ে সদৰী কৰে।

অৱশ্যে, দেবেন উৰাঙৰ মতে বহু বাগিচাৰ ক’ভিড ৰোগীয়ে এতিয়াও তেওঁলোকৰ ১৫ দিনৰ হাজিৰা লাভ কৰা নাই। ‘সুস্থ হৈ উঠিবলৈ ১৫ দিনতকৈ বেছিও লাগিব পাৰে। ক’ভিডৰ পিছৰ জটিলতাও দেখা দিব পাৰে। চৰকাৰে এই দিশ বিলাক মন কৰিব লাগে।‘ উৰাঙে কয়।

আদিবাসী নেতা গৰাকীৰ মতে চাহ বাগিচাসমূহত সমূহীয়া টেষ্টিং (mass testing) এতিয়াও আৰম্ভ হোৱা নাই, ক’ভিড কেয়াৰ চেণ্টাৰ সমূহত অক্সিজেন চিলিণ্ডাৰ নাই। ভালদৰে টেষ্টটিং আৰম্ভ কৰিলে আক্ৰান্তৰ সংখ্য দুগুণ বৃদ্ধি পাব।

ওদালগুৰি জিলাৰ মাজবাটৰ এগৰাকী জ্যেষ্ঠ আদিবাসী নেতা অমৰজ্যোতি ছুৰিণৰ মতে চাহ এই বাগিচাসমূহত এতিয়াও একপ্ৰকাৰ ‘বৃটিছ ৰাজে’ চলি আছে। ৰাজ্য চৰকাৰক কেৱল বাগিচাসমূহৰ পৰা ৰাজহ লাগে। সেয়ে চাহ বাগিচাসমূহত সজাগতা সৃষ্টি কৰা বিষয়টোকো চৰকাৰে বাগিচা কৰ্তৃপক্ষৰ ওপৰত এৰি দিয়ে।

ওদালগুৰি জিলাত ৩০০তকৈ অধিক ক’ভিড পজিটিভ কেচ ধৰা পৰাৰ পিছতো চাহ বাগিচাকে ধৰি বহু গাঁৱত ভালদৰে ক’ভিডৰ টেষ্টটিং কাৰ্য্যসূচী চলা নাই বুলি আদিবাসী নেতা গৰাকীয়ে অভিযোগ কৰে। ইয়ৰ বাবে তেওঁ জিলা প্ৰশাসন আৰু চাহ বাগিচা কৰ্তৃপক্ষক জগৰীয়া কৰে।

‘আমি বাগিচা অঞ্চলসমূহত বাকী ঠাই বিলাকৰ দৰে সান্ধ্য আইন বলৱৎ কৰিবলৈ চৰকাৰক কেইবাবাৰো স্মাৰকপত্ৰ প্ৰদান কৰিছো। ক’ভিড প্ৰটকল বলৱৎ কৰিবলৈ কোনো ব্যৱস্থা নথকা হেতুকে আমাৰ অঞ্চলবোৰত ক’ভিডৰ লক্ষণ থকা যুৱকে ফুটবল আদি খেলি ঘূৰি ফুৰিব পাৰিছে,’ তেওঁ কয়।

চাহ মজদুৰ সংঘৰ সভাপতি ঘনশ্যাম বাঢ়ৈৰ মতে বাগিচাৰ কাম-কাজ চলি থাকিব লাগিব অন্যথা ই বাগিচাৰ লগতে তাৰ শ্ৰমিকসকলৰ ওপৰত প্ৰভাৱ পেলাব।

মূল লেখা : Second flush amid second wave and drought: Assam’s tea industry hit hard

‘সজাগতাৰ অভাৱৰ কথা আমি বুজি পাও কিন্তু একে সময়তে কামো চলি থাকিব লাগিব। আমি চাহ উদ্যোগটোৰ কথাও ভাবিব লাগিব। শ্ৰমিকবিলাকে মাস্ক পৰিধান, হাত ধোৱাৰ লগতে সামাজিক দূৰত্ব মানি চলিবলৈ SOP সমূহত স্পষ্টকে কৈ অহা হৈছে। শ্ৰমিকৰ জীৱন ধাৰণৰ পৰিৱেশ অতি সূচনীয়।‘ তেওঁ কয়।

অৱশ্যে ছুৰিণৰ মতে SOP বিলাকৰ বাস্তৱত কোনো কাৰ্য্যকাৰিতা নাই। ‘বাগানত সোমোৱাৰ সময়ত তেওঁলোকে মাস্কখন লগাই লয় আৰু বাগানৰ পৰা বাহিৰ হোৱাৰ মাত্ৰকে মাস্কখন খুলি পেলায়। প্ৰতি দিনে বাগানৰ ভিতৰত ১০০ৰ পৰা ১৫০ শ্ৰমিক গোট খায়,’ তেওঁ কয়।

সদৌ অসম আদিবাসী মহিলা সংঘ (আৱা)ৰ যোৰহাট জিলা সমিতিৰ সম্পাদিকা ছোনিয়া তাঁতিয়ে The Third Pole -ত প্ৰকাশ পোৱা এটা শেহতীয়া প্ৰতিবেদনৰ কথা উল্লেখ কৰে য’ত বাগিচা অঞ্চলসমূহত দেখা দিয়া খোৱা পানীৰ সমস্যা অনাময় সমস্যাৰ কথা দাঙি ধৰা হৈছে। তেওঁ নিজেই এই বিষয়ত যোৰহাট জিলা প্ৰশাসনক বহু পত্ৰ প্ৰেৰণ কৰা বুলি জানিবলৈ দিয়ে।

গোলাঘাট জিলাৰ বৰচাপিস্থিত এটা চাহ ফেক্টৰিত নিৰাপত্তা কৰ্মী হিচাপে কৰ্মৰত সন্তোষ ৰাজুৱাৰ (৩৫)ৰ প্ৰথমতে ক’ভিড নিগেটিভ ধৰা পৰিছিল। কিন্তু অলপ জ্বৰ উঠি থকাৰ বাবে ফেক্টৰীৰ আন কৰ্মচাৰীসকলে তেওঁক বৰচাপৰি ক্লাবত পুনৰ পৰীক্ষা কৰাবলৈ কয়, ৬ মে’ত ৰাজুৱাৰৰ পজিটিভ ধৰা পৰে।

কিন্তু কোৱাৰেনটাইন চেণ্টাৰৰ অভাৱত ৰাজুৱাৰৰ পাৰাচিটামল টেবলেট খাই পৰিবাৰ আৰু দুটা সন্তানৰ সৈতে ১৫ দিন নিজৰ ঘৰতে থাকে। ‘যোৱা ১৫ তাৰিখেহে ওচৰৰ প্ৰাথমিক বিদ্যালয়খনক কোৱাৰেনটাইন কেন্দ্ৰলৈ পৰিৱৰ্তন কৰা হৈছে,’ তেওঁ কয়। তেওঁৰ নিগেটিভ আহে মানে বাগিচাখনৰ মুঠ ৪,০০০ গৰাকী শ্ৰমিকৰ ৩৫ গৰাকীৰ পজিটিভ ৰিজাল্ট আহে।

গোলাঘাট জিলাৰ মুৰফুলনী চাহ বাগিচাত ১৬ টা পজিটিভ কেচ ধৰা পৰাৰ বিপৰীতে ৰঙাগৰা চাহ বাগিচাত আক্ৰান্তৰ সংখ্যা ক্ৰমে বৃদ্ধি পাবলৈ ধৰিছে বুলি আছাৰ গোলাঘাটৰ সম্পাদক ছিমচন ওৰাঙে জনায়।

লগতে পঢ়ক : বাঘজান বিস্ফোৰণৰ এটা বছৰ; ক্ষোভ, বেজাৰ, বঞ্চনাৰ ৰাজনীতিৰ মাজতে এটা ‘ক’লা দিন’

প্ৰণৱ দলে, সোণেশ্বৰ নৰহ, ইমানুৱেল বাৰলা, বিজু চাউতাল, ছোনিয়া মুণ্ডাকে ধৰি কেইবা গৰাকী বোকাখাতৰ কেইবাগৰী ৰাজনৈতিক তথা সামাজিক কৰ্মীয়ে দিয়া এখন স্মাৰকপত্ৰত ৰাজ্য চৰকাৰলৈ দিয়া এখন পত্ৰত আন দাবীৰ লগতে চৰকাৰক ক’ভিডৰ ফলত ক্ষতিগ্ৰস্ত বাগিচাৰ সকলো শ্ৰমিক আৰু তেওঁলোকৰ পৰিয়ালক কমেও দুমাহৰ বাবে ন্যুনতম মজুৰি দিবলৈ দাবী জনাছিল। এই স্মাৰকপত্ৰ প্ৰভাৱ স্বৰূপে গোলাঘাট জিলা প্ৰশাসনে নুমলিগড় আৰু বৰচাপৰি বাগিচাৰ শ্ৰমিকৰ বাবে ভেকচিনৰ ব্যৱস্থা সুনিশ্চিত কৰে

ইমান দিনে চাহ শ্ৰমিকসকলক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি অহা সম্পৰ্কত ছুৰিণ আৰু তেওঁৰ দৰে আন বহু আদিবাসী নেতাই ভাৱে যে নতুন চৰকাখনৰ বাবে এইটো ভাল সুযোগ যাতে তেওঁলোকে এই দৃষ্টিভংগী সলনি কৰে। ‘ৰাজ্যৰ ১৭ শতাংশ জনসংখ্যা থকা আদিবাসী লোকসকলৰ ওচৰলৈ নিৰ্বাচনৰ সময়ত নেতাবিলাকৰ লানি নিছিগা সোঁত বয়। যদি তেওঁলোকে আমাৰ আস্থা পাব বিচাৰিছে তেন্তে আমাৰ কাষত থিয় এইখিনিয়ে সঠিক সময়,’ ছুৰিণে কয়।

মূল লেখক : অনুপম চক্ৰৱৰ্তী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply