মানকাচৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ অৰ্ধ শতাধিক গাঁও বানৰ কবলত। দক্ষিণ শালমাৰা- মানকাচৰ জিলাত ব্ৰহ্মপুত্ৰ নদীৰ বিপদসীমাৰ ২০ ছেণ্টিমিটাৰ ওপৰেদি বৈছে। বানাক্ৰান্ত ৰাইজৰ মাজত হাহাকাৰ। নিৰাপদ স্থান আশ্ৰয় বহু লোকৰ।
ভাদ মহীয়া বানে প্লাবিত কৰিছে ৰাজ্যৰ কেইবাখনো জিলা। বিগত কিছুদিন নেৰেনেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ নদীৰ লগতে ৰাজ্যৰ সৰু-বৰ নৈ সমূহ উফন্দি উঠিছে। উজনি নামনিৰ শ শ গাঁও এতিয়া বাঢ়নী পানীৰ তলত। নামনি অসমৰ ধুবুৰী আৰু দক্ষিণ শালমাৰা জিলাৰ বহু অঞ্চল ডুব গৈছে বানৰ পানীত।
ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগে লগে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ অৰ্ধ শতাধিক গাঁও বানৰ কবলত পৰিছে। শনিবাৰে জিলাখনত ব্ৰহ্মপুত্ৰ নদীৰ পানী বিপদসীমাৰ ২০ ছেণ্টিমিটাৰ ওপৰেদি বৈ থকাৰ ফলত জিলাখনৰ প্ৰায় অৰ্ধ শতাধিক গাঁও বানৰ পানীৰ তলত ডুব গৈছে।
বিশেষকৈ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ চৰাঞ্চলৰ সমূহৰ একাংশ স্থানত বহু লোকৰৰ ঘৰৰ মধূচলৈ বানৰ পানীয়ে জলমগ্ন কৰি ৰখাৰ ফলত চৰাঞ্চলৰ লোকৰ মাজত হাহাকাৰৰ পৰিৱেশৰ সৃষ্টি হৈছে। একেদৰে জিলাৰ সদৰ হাটশিঙিমাৰীৰ পৰা মাত্ৰ ১ কিলোমিটাৰ নিলগত থকা বাংৰীৰচৰ, পুৰাণ সুখচৰ গাঁৱতো বহু বিদ্যালয়, ঘৰ নিশাৰ ভিতৰত পানীয়ে জলমগ্ন কৰি পেলায়।
লগতে পঢ়ক : শিৱসাগৰত এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে শৃংখল চলিহাৰ হুংকাৰ প্ৰদান
জিলাখনৰ জলমগ্ন অঞ্চল সমূহত ঘৰৰ ভিতৰতো বানাক্ৰান্ত লোক সকলে চাং পাতি আশ্ৰয় ল’বলৈ বাধ্য হোৱাৰ লগতে একাংশ লোক ইতিমধ্যে নিৰাপদ স্থানলৈ ঢাপলি মেলিছে। বহু লোকে গৰু-ছাগলী লৈ ৰাজপথৰ কাষত আৰু নিৰাপদ তথা ওখ স্থানত আশ্ৰয় ল’বলৈ আৰম্ভ কৰিছে।