অভয়াপুৰী : বঙাইগাঁও জিলাৰ অভয়াপুৰী আৱৰ্ত ভৱনত মহাজোঁট বন্ধনৰ গোপন বৈঠক।
শনিবাৰে নিশা প্ৰায় ১০ বজাৰ পৰা এক ঘন্টা সময় আলোচনাত মিলিত হয় কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা আৰু এ আই ইউ ডি এফ দলৰ সাধাৰণ সম্পাদক আমিনুল ইছলাম৷

বৈঠকৰ অন্তত কংগ্ৰেছ সভাপতি ভূপেন কুমাৰ বৰাই কয় যে মহাজোঁট বন্ধন আগলৈকে থাকিব নে নাই এই সম্পৰ্কে এতিয়ালৈকে কোন ধৰণৰ সিদ্ধান্ত হোৱা নাই৷ আজি তেওঁলোকৰ মাজত মহাজোঁট বন্ধনৰ দলবোৰ কিদৰে চলি আছে আগন্তুক দিনত কেনেদৰে চলিব সেই সম্পৰ্কে আলোচনা কৰে৷

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই কয় যে অখিল গগৈৰ ৰাইজৰ দল মহাজোঁট বন্ধনৰ লগত আহিব নে নাই এতিয়াও সিদ্ধান্ত কৰা নাই কিন্তু অখিল গগৈ বিজেপি বিৰোধী এটাশক্তি৷

অখিল গগৈৰ দল কেতিয়া একলগ হ’ব দলৰ সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হ’ব, এই বিষয়ে এতিয়াই একো ক’ব পৰা হোৱা নাই বুলিও কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে।

লগতে পঢ়ক : হেৰাই যাবলৈ ধৰা নিজৰ মাতৃভাষাক জীয়াই ৰখাৰ অভিযানত ব্ৰতী এজন অৰুণাচলী লোক

বৈঠকৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে কয় যে আগন্তুক বছৰতবোৰত ৰাইজে বুজি উঠিব বিজেপি দল আচলতে কি ? ধৰ্মৰই আৰু বিজেপিক ৰখাব নোৱাৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply