নিউজ ডেস্কঃ গুৱাহাটীত জাৰি ১৪৪ ধাৰা। গুৱাহাটী মহানগৰীৰ পূব আৰক্ষী জিলাৰ আৰক্ষী উপায়ুক্তই এই ১৪৪ ধাৰা জাৰি কৰিছে আৰু গুৱাহাটীৰ কিছু অংশত ৫জনতকৈ অধিক লোকৰ সমাবেশ নিষিদ্ধ কৰা হৈছে। 

নিৰ্দেশ অনুসৰি, গুৱাহাটীৰ দিছপুৰ, ভাঙাগড়, বশিষ্ঠ, হাতীগাঁও, সোণাপুৰ আৰু ক্ষেত্ৰী আৰক্ষী থানা অন্তৰ্গত এলেকাসমূহ সামৰি সমগ্ৰ পূব আৰক্ষী জিলা, গুৱাহাটীত ১৪৪ ধাৰা জাৰি কৰে। সেই অনুসৰি, ৫জন লোকৰ সমাবেশ, আন্দোলন, প্ৰদৰ্শন, শোভাযাত্ৰা আৰু শ্লোগান দিয়া আদি নিষিদ্ধ কৰিছে। 

উল্লেখযোগ্য যে, ৮ মে’ৰ নিশা অসমত উপস্থিত হয় কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ। ৯ আৰু ১০ মে’ তাৰিখে তেওঁ বহু কেইটা কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ইফালে, ৰাজ্যত বিজেপি চৰকাৰখনৰ প্ৰথম বৰ্ষপূৰ্তি উদযাপন সমাৰোহ উপলক্ষে ১০ মে’ত গুৱাহাটীৰ খানাপাৰাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ গুৱাহাটীস্থিত খানাপাৰা খেলপথাৰত উপস্থিত থাকিব।

তেওঁৰ এই কাৰ্যসূচীৰ সময়ত বা খানাপাৰালৈ গৈ থকা অৱস্থাত যাতে কোনো ধৰণৰ আন্দোলন, প্ৰদৰ্শন, শোভাযাত্ৰা বা শ্লোগান দিব নোৱাৰে তাৰ বাবেই গুৱাহাটীত জাৰি কৰা হৈছে ১৪৪ ধাৰা। 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,838 other subscribers

Leave a comment

Leave a Reply Cancel reply