তেজপুৰ: শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিত বুধবাৰে সুৰক্ষা বাহিনীৰ দলে এখন দলঙৰ তলত ৬টা হস্তনিৰ্মিত বোমা উদ্ধাৰ কৰে। এজন আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে ঢেকিয়াজুলিত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সেনা আৰু আৰক্ষীৰ এটা টহলদাৰি দলে চিৰাজুলি দলঙৰ তলত বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰে।
পিছত দলটোৱে বোমা কেইটা নিষ্ক্ৰিয় কৰে বুলি বিষয়া জনে জানিবলৈ দিয়ে।
তেওঁ লগতে কয় যে আগন্তুক খ্ৰীষ্টমাছ আৰু নৱবৰ্ষ উদযাপনৰ সময়ত শান্তি বিঘ্নিত কৰিবলৈ কোনো উগ্ৰপন্থী সংগঠনে বোমাকেইটা সংস্থাপন কৰিছিল বুলি সন্দেহ কৰা হৈছে।
অৱশ্যে এই পৰ্যন্ত কোনো উগ্ৰপন্থী সংগঠনে ইয়াৰ দায়িত্ব স্বীকাৰ কৰা নাই।
উল্লেখযোগ্য যে সেনাৰ পূব অঞ্চলৰ কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল আৰ পি কলিতা আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ মাজত অনুষ্ঠিত নিৰাপত্তা পৰ্যালোচনা বৈঠকৰ দুদিন পিছতে এই ঘটনা সংঘটিত হৈছে।
লগতে পঢ়ক – মঙলদৈত দিৰ্ঘদীনে বন্ধ থকা অনুসূচিত জাতি পৰিষদৰ কাৰ্যালয় পুনৰ মুকলি