যোৰহাট : দেৰগাঁৱৰ অনিমষ ভূঞাৰ ঘৰ তথা খকন্দগুৰিত পুনৰ তীব্ৰ চাঞ্চল্য। যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা অনিমেষ ভূঞাৰ বন্ধুদ্বয় মৃদুস্মন্ত বৰুৱা আৰু প্ৰনয় দত্তক কোনো দুষ্ট চক্ৰৰ দলে চিকিৎসালয়ত বিচাৰি যোৱা যোৱাৰ খবৰ আহিছে চিকিৎসা মহাবিদ্যালয়ৰ পৰা।
এই বিষয়ক লৈ অনিমেষ ভূঞাৰ ঘৰৰ লোক আৰু যুৱকদুজনৰ পৰিয়ালৰ লোক যথেষ্ট চিন্তাত পৰিছে। নিৰাপত্তা ভাল নহ’লে পুনৰ ডাঙৰ ঘটনা হ’ব পাৰে বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।
দেৰগাঁৱৰ ল’ৰা কোনকেইটা আমাক দেখুৱাই দিয়া’ বুলি দুষ্ট চক্ৰই চিকিৎসালয়ত বিচাৰি যোৱাৰ অভিযোগ উথাপন হৈছে।
লগতে পঢ়ক : গুৱাহাটীত Indian Overseas Bank-ৰ ঋণ প্ৰসাৰৰ কাৰ্য্যসূচী
প্ৰণয় দত্ত আৰু মৃদুস্মন্ত বৰুৱাৰ পৰিয়ালৰ অভিযোগ যে চিকিৎসালয়ত যুৱক দুজন সুৰক্ষিত নহয়। নিৰাপত্তাহীনতাত ভুগিছে মৃদুস্মন্ত বৰুৱা আৰু প্ৰণয় দত্ত। অৱশ্যে যোৰহাটৰ আৰক্ষী অধীক্ষকে সংবাদমাধ্যমৰ আগত জনোৱা মতে চিকিৎসাধীন যুৱক দুজনৰ সুৰক্ষা ব্যবস্থা কৰা হৈছে, চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই।