নিউজ ডেস্ক: নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰে পৰা কঠোৰ পৰ্যবেক্ষণ, নিৰীক্ষণ আৰু অভিযানত সমগ্ৰ অসমত বিগত ১৪টা দিনত ৩১ কোটিতকৈ অধিক টকা জব্দ হৈছে৷ যোৱা ২৬ ফেব্রুৱাৰীত নির্বাচন ঘোষণা কৰা দিনৰ পৰা অসম আৰক্ষী, আবকাৰী বিভাগ, আয়কৰ বিভাগ, ৰাজহ, চোৰাংচোৱা সঞ্চালকালয়, নার্কোটিকছ কণ্ড্রোল ব্যুৰ’, ফ্লায়িং স্কোৱাড, স্থিৰ নিৰীক্ষণকাৰী দল আৰু অন্যান্য নিয়ন্ত্রক সংস্থাসমূহে ৰাজ্যখনত নগদ ধন আৰু সা–সামগ্রীৰ সন্দেহজনক সৰবৰাহ ধৰা পেলোৱাৰ অর্থে ২৪ ঘণ্টীয়া তৎপৰতা অব্যাহত ৰাখিছে৷
যোৱা ২৬ ফেব্রুৱাৰীৰ পৰা ১১ মার্চ পর্যন্ত ৮.৮০ কোটি টকাৰ নগদ ধন আৰু ৭.৬৮ কোটি টকা মূল্যৰ সুৰা জব্দ কৰা হৈছে৷ ১.৪৬ কোটি টকা মূল্যৰ সোণ–ৰূপৰ অলংকাৰো জব্দ কৰা হৈছে৷ প্রায় ১০.১৮ কোটি টকা বজাৰ মূল্যৰ হেৰ’ইন, ভাং আৰু ব্রাউন ছুগাৰ আদিৰ দৰে নিচাযুক্ত দ্রব্য জব্দ কৰা হয়৷ তদুপৰি ৩.৬৯ কোটি টকা মূল্যৰ বিদেশী চিগাৰেট, আফুগুটি আৰু নিচাযুক্ত টেবলেটো এই সময়ছোৱাত জব্দ কৰা হয়৷ এনেদৰে নগদ ধন, সুৰা আৰু অন্যান্য সা–সমগ্রী মিলি ২৬ মার্চৰ পৰা ১১ মার্চ পর্যন্ত মুঠ ৩১.৮১ কোটি টকা জব্দ কৰা হৈছে৷
আমগুৰিত পাঁচ লাখ টকা জব্দ
জাঁজী কহিমা ৬১ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথত নাকা চাকি চেকিংত পাঁচ লাখ টকা জব্দ কৰিছে । আমগুৰি আৰক্ষী থানৰ উপ পৰিদৰ্শক জয়ন্ত কুমাৰ দাস আৰু নিৰ্বাচনী পৰ্যবেক্ষক সঞ্জীৱ হাজৰিকাই তালাচী চালাওঁতে টকা খিনি উদ্ধাৰ কৰিছে ।
AS 04 T 4613 নম্বৰৰ মাৰুটি ভানত উদ্ধাৰ হোৱাপাঁচ লাখ টকা জাঁজী -জামুগুৰি বন্ধন বেংকৰ পৰা আমগুৰি বন্ধন বেংক unit লৈ অনা বুলি গৰাকীয়ে জনাইছে ।
ধনৰ গৰাকী জনে নিজকে আমগুৰি বেংক ইউনিটৰ মেনেজাৰ লাক্ষীধৰ ভূঞা বুলি আৰক্ষী তথা নিবাৰ্চনী বিষয়াক জনাইছে ।তদন্ত অব্যাহত আছে । গাড়ী খনত মুঠ যাত্ৰী আছিল ৫ গৰাকী ।