গুৱাহাটীঃ তিনিচুকীয়াৰ ছাত্ৰ ফাইজুল আহমেদৰ মৃত্যুক লৈ এতিয়াও চাঞ্চল্য। আই আই টি, খড়্গপুৰত কম্পিউটাৰ বিজ্ঞানৰ তৃতীয় বৰ্ষৰ ২৩বছৰীয়া মেধাৱী ছাত্ৰজনে প্ৰকৃততে আত্মহত্যা কৰিছিল নে?
১২ অক্টোবৰলৈকে পৰিয়ালৰ লোকৰ লগত ফোনত কথা-বতৰা হৈছিল ফাইজুলৰ। ১৩অক্টোবৰত পৰিয়ালৰ লোকে ফোন কৰাত মেধাৱী ছাত্ৰজনৰ ফোন অফ আছিল।
তাৰপিছতে হঠাত ১৪ অক্টোবৰত পৰিয়ালৰ লোকে ফাইজুলৰ মৃত্যুৰ খবৰ লাভ কৰিছিল। পুত্ৰৰ মৃত্যুৰ খবৰ লাভ কৰিয়ে পিতৃ-মাতৃ খড়্গপুৰলৈ ৰাওনা হয়। তেওঁলোক খড়্গপুৰত উপস্থিত হোৱা সময়ত পুত্ৰৰ মৃতদেহ মেডিনীপুৰ মেডিকেলৰ মৰণোত্তৰ পৰীক্ষাগৃহত পৰি আছিল। পিতৃয়ে উল্লেখ কৰা অনুসৰি তেওঁৰ পুত্ৰৰ মৃত্যু তেওঁলোকে খবৰ পোৱাৰ দুদিন পূৰ্বেই মৃত্যু হৈছিল। আনকি পুত্ৰৰ মৃতদেহত আঘাতৰ চিন স্পষ্ট হৈ আছিল বুলিও পিতৃয়ে উল্লেখ কৰিছে।
এই ঘটনাৰ উচিত তদন্ত বিচাৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে ফাইজুলৰ পিতৃ-মাতৃয়ে ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে ফাইজুলৰ মৃত্যুত শোকপ্ৰকাশ কৰিছে।
১৫অক্টোবৰত ফাইজুলৰ পিতৃ-মাতৃয়ে খড়্গপুৰ আৰক্ষীথানাত এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰিছে যদিও কোনো পদক্ষেপ হাতত নোলোৱাৰ অভিযোগ উত্থাপন হৈছে। অৱশেষত পুত্ৰৰ মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানলৈ পত্ৰ প্ৰেৰণ কৰিছে ফাইজুলৰ পিতৃয়ে।