গুৱাহাটী: ডিমাছা জনগোষ্ঠীক ভূলকৈ উপস্থাপন কৰাৰ অভিযোগত আইমী বৰুৱাৰ দ্বাৰা পৰিচালিত শেহতীয়াকৈ ছবি ‘চেমখৰ’ বিতৰ্কৰ মাজত সোমাই পৰিছে। ইতিমধ্যে ডিমা হাছাও জিলাৰ বিভিন্ন দল-সংগঠনে চলচ্চিত্ৰখনক লৈ তেওঁলোকৰ অসন্তুষ্টি প্ৰকাশ কৰিছে।

ছবিখনৰ বিৰুদ্ধে ডিমাছা জনগোষ্ঠীৰ বিভিন্ন দল সংগঠনে বিবৃতি প্ৰকাশ কৰি থকাৰ মাজতে জনগোষ্ঠিটোৰ এজন নেতাই অলপতে পৰিচালক আইমী বৰুৱাৰ বিৰুদ্ধে হাফলং আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।

আনহাতে, ছবিখনৰ মূল চৰিত্ৰত অভিনয় কৰা আইমী বৰুৱাই ‘চেমখৰ’ এখন সম্পূৰ্ণ কাল্পনিক চলচ্চিত্ৰ বুলি দাবী কৰি আহিছে।

ডিমা হাছাও জিলাৰ চেমখৰ নামৰ এখন গাঁৱৰ ডিমাছাসকলক লৈ নিৰ্মাণ কৰা ছবিখনে ৬৮ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত ৰজত কমল পুৰস্কাৰ লাভ কৰাৰ লগতে পৰিচালক আইমী বৰুৱাই বিচাৰকৰ বিশেষ সন্মান লাভ কৰিছিল।

২০২১ চনত নিৰ্মিত ছবিখনত চেমখৰ গাঁৱৰ ডিমাছা জনগোষ্ঠীৰ এগৰাকী মহিলাৰ কাহিনী তুলি ধৰা হৈছে।

সদৌ ডিমাছা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি মহেন্দ্ৰ কেম্প্ৰাই ছবিখনৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰত কয় যে তেওঁলোকে ডিমাছা জনগোষ্ঠিক লৈ চলচ্চিত্ৰ নিৰ্মাণ কৰাক আদৰণি জনাই যদিও চেমখৰ গাঁৱৰ লোকসকলৰ সম্পৰ্কে ভূল তথ্য তুলি ধৰাত দোষ পাইছে।

ডিমাছা সম্প্ৰদায় সম্পৰ্কে কোনো ধৰণৰ অধ্যয়ন নকৰাকৈ মাত্ৰ ব্যৱসায়ীক লাভৰ উদ্দেশ্য আগত ৰাখি পৰিচালক গৰাকীয়ে চলচ্চিত্ৰখন নিৰ্মাণ কৰা বুলি তেওঁ অভিযোগ কৰে। তেওঁ লগতে কয় যে ছবিখনত দেখুওৱাৰ দৰে ডিমাছাসকলৰ মাজত নৱজাত কন্যা সন্তানক মাৰি পেলোৱাৰ নিয়ম নাই।

তেওঁ ছবিখনত সন্নিবিষ্ট কৰা এনে ‘আপত্তিজনক দৃশ্য’ আঁতৰাবলৈ দাবী জনায়।

ইয়াৰ উপৰি ডিমাছা মাতৃ সংস্থা আৰু সদৌ ডিমাছা ছাত্ৰ সংগঠনে পৃথকে পৃথকে দিয়া বিবৃতিৰ জৰিয়তে ছবিখনে ডিমাছা সম্প্ৰদায়ক ‘ভূল’ আৰু ‘আপত্তিজনক’ তথ্যৰে উপস্থাপন কৰা বুলি অভিযোগ কৰে।

লগতে পঢ়ক – ফেক্ট-চেক: চীনত সামৰিক অভ্যুত্থানৰ গুজবৰ মাজতে বিস্ফোৰণৰ ভিডিঅ’ ভাইৰেল, জানক প্ৰকৃত সত্য

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply