মৰঙী: গোলাঘাট জিলাৰ ইতিহাস প্ৰসিদ্ধ মৰঙী মৌজাৰ অৰাজনৈতিক আৰু ধৰ্মনিৰপেক্ষ এখন সুস্থ সবল সমাজ গঠনত দায়বদ্ধতাৰে সমাজখনক গতিশীল ৰূপ দিয়াৰ প্ৰচেষ্টাৰে জ্যেষ্ঠ নাগৰিক সকল একত্ৰিত হৈ ২০১৪ চনতে ষাঠিৰ্ধোৰ নাগৰিকৰে গঠিত মৰঙী আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰথম বাৰ্ষিক অধিৱেশন খন আজি মৰঙী ৰাজহুৱা নাটঘৰত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৷ পুৱা পতাকা উত্তোলন কৰে মৰঙী জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি পদ্মেশ্বৰ বৰাই ৷
স্মৃতি তৰ্পণ কৰে সুবৰ্ণ শইকীয়াই ৷ বোধেশ্বৰ শইকীয়াই বৃক্ষৰোপণ কৰে ৷ সন্মিলনৰ বিষয় বাচনি সভা অনুষ্ঠিত হয় ৷ দুপৰীয়া মুকলি সভাত এটি সমবেত সঙ্গীতৰে মৰঙী প্ৰগতি মহিলা চ’ৰাৰ সদস্যা সকলে শুভাৰম্ভ কৰে ৷
দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড° পৰেশ চন্দ্ৰ দত্ত,স্বাস্থ্য বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক ডা° শ্ৰী শ্ৰীবৎস গোপাল গোস্বামীয়ে বিশিষ্ট অতিথিৰ আসন শুৱনী কৰি বক্তব্য ৰাখে ৷ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি পদ্মেশ্বৰ বৰাৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয় ৷