নিউজ ডেস্ক : অসমত ক্ৰমাৎ উছন হ’বলৈ গৈ আছে নেকি কংগ্ৰেছৰ ভেটি? এজনৰ পিছত আনজনকৈ নেতাই নেতাই দল ত্যাগ কৰিবলৈ আৰম্ভ কৰা কংগ্ৰেছৰ পৰা এইবাৰ পত্যাদ কৰিছে শীৰ্ষ নেত্ৰী তথা প্ৰাক্তন সাংসদ সুস্মিতা দেবে।

সৰ্বভাৰতীয় ভাৰতীয় মহিলা কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী তথা শিলচৰৰ প্ৰাক্তন সাংসদ গৰাকীয়ে দেওবাৰে ছোনিয়া গান্ধীৰ হাতত নিজৰ পদত্যাগ পত্ৰ অৰ্পন কৰে।

কংগ্ৰেছ এৰি তৃণমূল কংগ্ৰেছত যোগদান কৰিব বুলি চৰ্চা চলি থকাৰ মাজতে সুস্মিতা দেবে আজি পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক সাক্ষাৎ কৰিব বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত খবৰ উলাইছে।

লগতে পঢ়ক : দেওবাৰে ৰাজ্যত ১০ জন ক’ভিড ৰোগীৰ মৃত্যু; আক্ৰান্তৰ হাৰ ৮৩ শতাংশ

উল্লেখযোগ্য যে নেত্ৰী গৰাকীয়ে আনকি আজি পুৱা নিজৰ টুইটাৰ হেণ্ডেলৰ ‘বাইঅ’ কংগ্ৰেছৰ ‘প্ৰাক্তন সদস্য’ লৈ সলনি কৰে। মমতা বেনাৰ্জী আৰু তেওঁৰ ভতিজা অভিশেষ বেনাৰ্জীক লগ ধৰিবলৈ তেওঁ ইতিমধ্যে কলিকতালৈ ৰাওনা হোৱা বুলি জানিব পৰা গৈছে।

অৱশ্যে কি কাৰণত দেবে যোৱা ৩০ বছৰ ধৰি জড়িত হৈ থকা কংগ্ৰেছ দল ত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে সেই কথা এই পৰ্য্যন্ত জানিব পৰা হোৱা নাই। তেওঁৰ পিতৃ সন্তোষ মোহন দেব কংগ্ৰেছৰ এজন বলিষ্ঠ নেতা আছিল।

ইংৰাজীত পঢ়ক : Senior Congress leader Sushmita Dev quits party

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply