গুৱাহাটীঃ জ্যেষ্ঠ সাংবাদিক ধ্ৰুৱ মহন্তক মুখ্যমন্ত্ৰীৰ প্ৰধান প্ৰেছ সচিব হিচাপে নিযুক্তি দিয়াৰ লগতে
নৱজিৎ পাটগিৰিক OSD যোগাযোগ-জন সম্পৰ্ক-প্ৰটকল হিচাপে নিযুক্তি দিছে অসম চৰকাৰে ৷
ধ্ৰুৱ মহন্ত জনপ্ৰিয় ছেটেলাইট চেনেল নিউজ লাইভৰ ”consulting editor” হিচাপে কৰ্মৰত।
মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা ব্যক্তিগত সহায়ক ( PA)হিচাপে নিযুক্তি দিছে গৌতম প্ৰসাদক।
আনহাতে নতুন চৰকাৰে দায়িত্ব লোৱাৰ পাছত আৰক্ষী আৰু প্ৰশাসনৰ শীৰ্ষ পৰ্যায়ত ব্যাপক সাল-সলনি কৰিছে। শুকুৰবাৰেও পুনৰ প্ৰশাসনৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদ-বদল কৰা হয়।
আৰু পঢ়কঃবিধানসভাৰ মজিয়াত বিধায়ক হিচাপে শপতগ্ৰহণ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
আইএএছ বিষয়া সিদ্ধাৰ্থ সিঙক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত ও সচিব ৰূপে বদলি কৰা হৈছে।
এচিএছ বিষয়া প্ৰকাশ ৰঞ্জন ঘৰফলীয়াক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অতিৰিক্ত সচিবৰ দায়িত্ব প্ৰদান।
এচিএছ বিষয়া ইন্দ্ৰাণী লস্কৰক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ যুটীয়া সচিব ৰূপে বদলি।