মাজুলী : মাজুলীৰ জ্যেষ্ঠ সাংবাদিক অৰুণ বৰাৰ দেহাবাসন। জ্যেষ্ঠ সাংবাদিক গৰাকী গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল।

হঠাৎ অসুস্থ অনুভৱ কৰাত জ্যেষ্ঠ সাংবাদিক অৰুণ বৰাক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাৰ বাবে যোৱা ১০ অগষ্টত নিয়া হৈছিল। বৃহস্পতিবাৰে পুৱাৰ ভাগত চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে সাংবাদিক গৰাকী।

লগতে পঢ়ক : লাভলীনাক আদৰি অনাৰ বাবে ব্যাপক প্ৰস্তুতি

মাজুলী জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি, গড়মূৰ প্ৰেছ ক্লাবৰ সভাপতি, মাজুলী জিলা ক্ৰিয়া সন্থাৰো সভাপতি আছিল প্ৰয়াত জ্যেষ্ঠ সাংবাদিক অৰুণ বৰা। সাংবাদিক গৰাকীৰ মৃত্যুত মাজুলীৰ বিভিন্ন দল-সংগঠনে শোক প্ৰকাশ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply